মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»পত্নী অংকিতাই ভিডিঅ’ কৰিছে, জন্মদিনৰ দিনা নগ্ন হৈ মিলিন্দ সুমন দৌৰিছে...ইণ্টাৰনেটত ধুমুহা

পত্নী অংকিতাই ভিডিঅ’ কৰিছে, জন্মদিনৰ দিনা নগ্ন হৈ মিলিন্দ সুমন দৌৰিছে...ইণ্টাৰনেটত ধুমুহা

News18 Assam | News18-Assam
Updated:November 4, 2020, 11:41 PM IST
পত্নী অংকিতাই ভিডিঅ’ কৰিছে, জন্মদিনৰ দিনা নগ্ন হৈ মিলিন্দ সুমন দৌৰিছে...ইণ্টাৰনেটত ধুমুহা
ছুপাৰ মডেল মিলিন্দ সুমন এতিয়া ইণ্টাৰনেটত বহুল ভাবে চৰ্চিত।

ছুপাৰ মডেল মিলিন্দ সুমন এতিয়া ইণ্টাৰনেটত বহুল ভাবে চৰ্চিত।

  • Share this:
ছুপাৰ মডেল মিলিন্দ সুমন এতিয়া ইণ্টাৰনেটত বহুল ভাবে চৰ্চিত। নিজৰ ৫৫ সংখ্যক জন্মদিনৰ দিনা মিলিন্দ সুমনৰ আচৰিত ভিডিঅ’! বুধবাৰে মিলিন্দ সুমনে জন্মদিন  উদযাপনৰ বাবে পত্নীসহ গোৱালৈ ৰাওনা হয়। আৰু জন্মদিনৰ দিনাই শ্বেয়াৰ কৰে গোৱাৰ সাগৰৰ পাৰে পাৰে নগ্ন হৈ দৌৰা ফটো।

জন্মদিনৰ দিনা পুৱাই মিলিন্দে নিজৰ নগ্ন ফটোখন শ্বেয়াৰ কৰে। আনকি ফটোখন তুলিছে তেওঁৰ পত্নী তথা অসমৰ জীয়ৰী অংকিতা কোঁৱৰে। ফটো খন শ্বেয়াৰ কৰাৰ লগতে মিলিন্দে নিজকে জন্মদিনৰ শুভেচ্ছা জনাই লিখিছে যে ‘হেপিডে বাৰ্থডে টু মি! #৫৫।‘’



উল্লেখ্য যে, ২৫ বছৰ পূৰ্বে মডেল মধু চোপ্ৰা আৰু মিলিন্দ সুমনৰ এখন নগ্ন ফটোৱে তোলপাৰ লগাইছিল। ফটোখনে আনকি বিতৰ্কৰো সৃষ্টি কৰিছিল সেইসময়ত। পুনৰ মিলিন্দে জন্মদিনত নগ্ন ফটো তুলি প’ষ্ট কৰাৰ পিছত এতিয়া চৰ্চা চলিছে সৰ্বত্ৰ। ফটোখনৰ পৰা এতিয়া প্ৰস্তুত কৰা হৈছে বিভিন্ন মিম।
Published by: Himangshu Bhuyan
First published: November 4, 2020, 11:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি