লালৰেমচিয়ামী মাৰে জাকাৰ্টা এছিয়ান গেমছত চাৰিটা গ'ল স্কৰ কৰি ৰূপৰ পদক বুটলি আনিছিল। কেৱল সেয়ে নহয় ২০১৮ চনৰ মহিলা বিশ্বকাপটো দুৰ্দান্ত খেল খেলিছিল লালৰেমচিয়ামীয়ে।
ভাৰতীয় মহিলা হকী দল (Indian Hockey Team)ৰ নিৰ্ভৰযোগ্য ফৰৱাৰ্ড লালৰেমচিয়ামী মাৰ (Laalremsiami Hmar)। যাক সতীৰ্থ সকলে মৰমতে চিয়ামি বুলিয়েই সম্বোধন কৰে। আৰ্চাৰ লালৰেমছাংগাৰ পিছতে দ্বিতীয় গৰাকী অলিম্পিয়ান আৰু মহিলা খেলুৱৈ হিচাপে প্ৰথম গৰাকী মিজো খেলুৱৈ হিচাপে বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধত অংশ লোৱা লালৰেমচিয়ামী মাৰক লৈ গৌৰৱান্নিত সমগ্ৰ দেশবাসীৰ লগতে মিজোৰামবাসী।
মিজোৰাম (Mizoram)ৰ ৰাজধানী চহৰ আইজলৰ পৰা ৮০ কিলোমিটাৰ নিলগৰ কলাছিৱ (Kolasib)ৰ এটি দুখিয়া পৰিয়ালত ২০০০ চনৰ ৩০ মাৰ্চত জম্ম গ্ৰহণ কৰা লালৰেমচিয়ামীয়ে টকিঅ' অলিম্পিক (Tokyo Olympics) গেমছত অংশ গ্ৰহণেই নহয়, সুন্দৰ খেলেৰে সকলোৰে হৃদয় জয় কৰিছে। সেয়ে সফল ২১ বছৰীয়া খেলুৱৈ গৰাকীক মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা (Zoramthanga)ই ৪৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ উপৰি ৰাজ্য চৰকাৰৰ এটা চাকৰি আৰু মিজোৰামত এডোখৰ ভূমি প্ৰদানৰ কথা ঘোষণা কৰে।
উল্লেখযোগ্য যে লালৰেমচিয়ামী মাৰে জাকাৰ্টা এছিয়ান গেমছত চাৰিটা গ'ল স্কৰ কৰি ৰূপৰ পদক বুটলি আনিছিল। কেৱল সেয়ে নহয় ২০১৮ চনৰ মহিলা বিশ্বকাপটো দুৰ্দান্ত খেল খেলিছিল লালৰেমচিয়ামীয়ে। ২০১৬ চনত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় হকী একাডেমীত প্ৰথমে ট্ৰেইনিং লোৱা চিয়ামিয়ে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত থাকিয়েই নিয়মীয়াকৈ অনুশীলন চলাইছিল।
টকিঅ' অলিম্পিকত চতুৰ্থ স্থান লাভ কৰা ভাৰতীয় মহিলা হকী দলটোৰ সদস্য গৰাকী নতুন দিল্লীৰ পৰা আইজলত আহি উপস্থিত হলেই তেওক বিপুল ভাৱে আদৰণি জনাব মিজোৰাম চৰকাৰে। ইয়াৰ পূৰ্বে ১৯৯২ চন আৰু ১৯৯৬ চনত মিজোৰামৰ পৰা গৈ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অলিম্পিক গেমছত অংশ লৈছিল আৰ্চাৰ লালৰেমছাংগাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|