শীঘ্ৰে গুৱাহাটীৰ ৰাজপথত চলিব মেট্ৰ' লাইট, সম্পন্ন হ’ল RITESৰ অধ্যয়ন

সম্পূৰ্ণ হৈছে RITESৰ মেট্ৰ' ৰে'ল প্ৰকল্পৰ অধ্যয়ন ৷ পিছে গুৱাহাটীত নচলে মেট্ৰ' ৰে'ল চলিব মেট্ৰ' লাইটহে

News18-Assam
Updated:October 30, 2019, 4:42 PM IST
শীঘ্ৰে গুৱাহাটীৰ ৰাজপথত চলিব মেট্ৰ' লাইট, সম্পন্ন হ’ল RITESৰ অধ্যয়ন
সম্পূৰ্ণ হৈছে RITESৰ মেট্ৰ' ৰে'ল প্ৰকল্পৰ অধ্যয়ন ৷ পিছে গুৱাহাটীত নচলে মেট্ৰ' ৰে'ল চলিব মেট্ৰ' লাইটহে
News18-Assam
Updated: October 30, 2019, 4:42 PM IST
২০১৫চনতে গুৱাহাটীত স্থাপন কৰা হৈছিল মেট্ৰ' ৰে'লৰ আধাৰশিলা ৷ কোনো পৰিকল্পনা, কোনো অধ্যয়ন নোহোৱাকৈ আধাৰশিলা হ'ল ঠিকেই, কিন্তু সুদীৰ্ঘ চাৰি বছৰৰ পিছতহে সম্পূৰ্ণ হৈছে RITESৰ মেট্ৰ' ৰে'ল প্ৰকল্পৰ অধ্যয়ন ৷ পিছে গুৱাহাটীত নচলে মেট্ৰ' ৰে'ল চলিব মেট্ৰ' লাইটহে ৷ মহানগৰীত বাঢ়ি অহা যান জটৰ সমস্যা দূৰিকৰণৰ বাবে মেট্ৰ' লাইট প্ৰকল্পৰ কাম হাতত লৈছে মহানগৰ উন্নয়ণ বিভাগে ৷ ২০১৫চনতে তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতে আধাৰশিলা স্থাপন হৈছিল যদিও সেই সময়ত নাছিল কোনো ক্ষেত্ৰভিত্তিক অধ্যয়ণ, নাছিল কোনো পৰিকল্পনা ৷

অৱশ্যে ইতিমধ্যে সম্পন্ন হৈছে ভাৰত চৰকাৰৰ ৰে'ল মন্ত্ৰালয়ৰ অধীনস্থ RITES নামৰ ৰাজহুৱা খণ্ডৰ অধ্যয়ন ৷ বুধবাৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰ্যালয়ত হোৱা এক বৈঠকৰ পিছতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদমেল সম্বোধন কৰি সদৰি কৰে মেট্ৰ' লাইটক লৈ লোৱা পৰিকল্পনা ৷ গুৱাহাটীৰ দৰে এখন চহৰৰ ক্ষেত্ৰত সম্প্ৰতি আহি পৰা অসুবিধাৰ বাবে ঠায়ে ঠায়ে হ'ব ৰে'লৰ উৰণীয়া সেতু ।

প্ৰযুক্তিগতভাৱে মেট্ৰ' ৰে'লত ছয়ৰ পৰা ৮টালৈকে দবা থাকে যদিও মেট্ৰ' লাইটত থাকে তিনিটা দীঘল দবাহে ৷ গতিৰ ক্ষেত্ৰতো মেট্ৰ ৰে'লৰ তুলনাত কম গতি মেট্ৰ' লাইটৰ ৷ এই ব্যয়বহুল প্ৰকল্পটোৰ ক্ষেত্ৰত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দাবী  "মেট্ৰ' ৰে'লৰ ক্ষেত্ৰত চৰকাৰে দিলে তৃতীয়টো খোজ" ৷ অৱশ্যে এই প্ৰকল্প কেতিয়া শেষ হ'ব সেই কথা সদৰি কৰা নাই বিভাগীয় মন্ত্ৰী গৰাকীয়ে ৷
আৰু চাওক পৰৱৰ্তী বাতৰি