মুখৰ সৌন্দৰ্য বৃদ্ধি কৰে মেথি গুটিয়ে।
Methi Face Pack: যদি আপোনাৰো ছাল ম্লান পৰিছে বা সোতোৰা পৰিছে, শালমইনা উঠিছে তেন্তে আপুনি ইয়াৰ প্ৰতিকাৰৰ বাবে মেথি গুটিৰ ব্যৱহাৰ কৰিব পাৰে। মেথি গুটি চুলিৰ লগতে ছালৰ বাবেও অতি উপকাৰী।
বয়স বঢ়াৰ লগে লগে মানুহৰ মুখৰ চমক কমি যাব ধৰে। বহুবাৰ বেয়া লাইফষ্টাইল, অনিয়মিত খোৱা-বোৱা, ষ্ট্ৰেছ, নিজৰেই যত্ন লোৱাত গাফিলতি, নিজকে সময় নিদিয়া আদিৰ কাৰণে ছালে পাব লগা পুষ্টি নাপায় আৰু ইয়াৰ ফলত ছালৰ ওপৰত প্ৰভাৱ পৰে স্কিনৰ উজ্জ্বলতা ম্লান পৰি যায়।
যদি আপোনাৰো ছাল ম্লান পৰিছে বা সোতোৰা পৰিছে, শালমইনা উঠিছে তেন্তে আপুনি ইয়াৰ প্ৰতিকাৰৰ বাবে মেথি গুটিৰ ব্যৱহাৰ কৰিব পাৰে। মেথি গুটি চুলিৰ লগতে ছালৰ বাবেও অতি উপকাৰী। জানি লওক ছালৰ যতনৰ বাবে মেথি গুটি কেনেকৈ ব্যৱহাৰ কৰিব-
মেথিৰ ফেচ পেক কেনেকৈ বনাব
১ চামুচ মেথি
১ চামুচ দৈ
আধা চাহ চামুচ হালধি পাউদাৰ
১ চাহ চামুচ
ৰাতি মেথিখিনি পানীত তিয়াই থৈ দিব লাগে। পিছদিনা পুৱা মেথিখিনি চেকি লওক। এতিয়া মেথিখিনি দৈৰ সৈতে গ্ৰাইণ্ডাৰত মিহি কৰি লওক। এতিয়া এটা বাতিত মেথিৰ গুৰি খিনি উলিয়াই লওক আৰু তাত হালধি, মৌ মিহলাওক। আপোনাৰ ফেচপেক সাজু।
এতিয়া মুখত কেনেকৈ লগাব
প্ৰথমে মুখখন ভালদৰে ধুই টাৱেলেৰে মছি লওক। এতিয়া ব্ৰাছৰ সহায়ত মেথিৰ ফেচপেক লাহে লাহে মুখত। প্ৰায় ১০-১৫ মিনিট লগাই ৰখাৰ পিছত পৰিস্কাৰ পানীৰে ধুই লওক। আপুনি এই ফেচপেকটো সপ্তাহত দুই-তিনিদিন ব্যৱহাৰ কৰিব পাৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|