• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Mirabai Chanu : অলিম্পিকৰ মেডেল জয়ী মিৰাবাঈ চানুক জন্মভূমি মণিপুৰত উষ্ম আদৰণি, মুখ্যমন্ত্ৰীয়ে নি বহুৱালে ASPৰ আসনত।

Mirabai Chanu : অলিম্পিকৰ মেডেল জয়ী মিৰাবাঈ চানুক জন্মভূমি মণিপুৰত উষ্ম আদৰণি, মুখ্যমন্ত্ৰীয়ে নি বহুৱালে ASPৰ আসনত।

মীৰাবাঈ চানুৱে কয়, "মণিপুৰৰ লোকসকল, মোৰ পৰিয়াল আৰু মোৰ প্ৰশিক্ষক, এই সফলতাৰ কৃতিত্ব তেওঁলোকৰ।"

মীৰাবাঈ চানুৱে কয়, "মণিপুৰৰ লোকসকল, মোৰ পৰিয়াল আৰু মোৰ প্ৰশিক্ষক, এই সফলতাৰ কৃতিত্ব তেওঁলোকৰ।"

মীৰাবাঈ চানুৱে কয়, "মণিপুৰৰ লোকসকল, মোৰ পৰিয়াল আৰু মোৰ প্ৰশিক্ষক, এই সফলতাৰ কৃতিত্ব তেওঁলোকৰ।"

  • Share this:
অলিম্পিক ৰূপৰ পদক বিজয়ী  ভাৰোত্তোলক চাইখোম মীৰাবাঈ চানু সুদীৰ্ঘ ২ বছৰৰ ব্যৱধানত ঘৰলৈ উভতি আহিছে।  চানুৰ মাতৃয়ে অৱশেষত তাইক এক গৌৰৱময় হাঁহিৰে আলিঙ্গন কৰি আদৰণি জনায়। আজি দুপৰীয়া ১:৪৫ বজাত তুলিহান ইম্ফল বিমানবন্দৰত উপস্থিত হয় আৰু ইম্ফল বিমানবন্দৰত এক উচ্ছ্বসিত পৰিবেশত নায়কোচিত আদৰণি জনায় মণিপুৰ চৰকাৰে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ লগতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী লেটপাও হাওকিপে মিৰাবাঈক অভ্যর্থনা কৰিবলৈ বিমানবন্দৰত ৰৈ আছিল। যেতিয়া মিৰাবাঈক বিমানবন্দৰত আদৰণি জনায়। সান্ধ্য আইন উলংঘা কৰি হলেও আজি মিৰাবাঈ চানুক আদৰিবলৈ বিমানদন্দৰত অলেখ লোকে ভিৰ কৰিছিল। বহুলোকে ঘৰৰ পৰা ৰাস্তালৈ ওলাই আহে, ইম্ফল বিমানবন্দৰৰ পথৰ কাষত তাইক হাতচাপৰিৰে অভিবাদন জনায়।

তাৰ পিছত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে একেখন বাহনত চানুক নিয়া হয় চৰকাৰী অনুষ্ঠানলৈ। মণিপুৰৰ প্ৰাসাদ চৌহদৰ মহানগৰ সন্মিলনত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে চানুক সম্বৰ্ধনা জনোৱাৰ লগতে মণিপুৰ আৰক্ষীত অতিৰিক্ত আৰক্ষী অধীক্ষক,ক্ৰীড়া (ASP, Sports) হিচাপে তেওঁৰ নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে আৰু ১ কোটি টকাৰ চেক প্ৰদান কৰে।

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীয়েএ ক্ৰমে  ১০ লাখ টকা আৰু ৩ লাখ টকাৰ চেক প্ৰদান কৰে।

মীৰাবাঈ চানুৱে কয়, "মণিপুৰৰ লোকসকল, মোৰ পৰিয়াল আৰু মোৰ প্ৰশিক্ষক, এই সফলতাৰ কৃতিত্ব তেওঁলোকৰ। তেওঁলোকৰ বাবেই মই এই পৰ্যায়ত উপনীত হ'ব পাৰিলোঁ।" তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীক প্ৰশিক্ষণৰ বাবে আমেৰিকালৈ প্ৰেৰণ কৰাৰ বাবে বিশেষভাৱে ধন্যবাদ জনাইছে।

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে এন বিৰেন সিঙে কয় যে যিহেতু তেওঁৰ বয়স যথেষ্ট কম সেয়ে তেওঁ দেশৰ বাবে সোণৰ পদক অনালৈকে ভাৰোত্তোলন এৰিব নালাগে।
Published by:Manjumoni Borah
First published: