உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • সঁচা হ’ল ৰীল লাইফৰ ঘটনা! চিকেনৰ নামত গ্ৰাহকক কাউৰীৰ মাংস, দুজন পৰিল জালত

    সঁচা হ’ল ৰীল লাইফৰ ঘটনা! চিকেনৰ নামত গ্ৰাহকক কাউৰীৰ মাংস, দুজন পৰিল জালত

    ৰিয়েল লাইফত কাউৰী মাংসৰ বিৰিয়ানী

    ৰিয়েল লাইফত কাউৰী মাংসৰ বিৰিয়ানী

    ৰিয়েল লাইফত কাউৰী মাংসৰ বিৰিয়ানী

    • Share this:
    বলীউদৰ ছবি ৰানৰ সেই বিশেষ দৃশ্যটোৰ কথা কোনে পাহৰিব। ছবিখনত মাত্ৰ ৫ টকাতে চিকেন বুলি কাউৰী মাংসৰ বিৰিয়ানী খাই মাত হেৰুৱাইছিল কৌতুক অভিনেতা বিজয় ৰাজে।

    ২০০৪ চনত মুক্তি পোৱা ছবিখনৰ সেই বিশেষ দৃশ্য আজিও পাহৰিব পৰা নাই কোনেও। ছবিখন মুক্তিৰ পিছৰ পৰাই কম দামতে বিৰিয়ানী উপলব্ধ হ’লে, বহুতে ধেমালীৰ চলেৰে ‘কাউৰীৰ মাংসৰ বিৰিয়ানী’৸ বুলি মন্তব্য কৰে।

    ৰীল লাইফৰ সেই ঘটনাটোৰ দৰে অনুৰূপ ঘটনা এইবাৰ ৰিয়েল লাইফতো সংঘটিত হৈছে। তামিলনাডুৰ ৰামেশ্বৰমৰ থকা এখন পদপথৰ খাদ্যৰ দোকানক কাউৰীৰ মাংস যোগান ধৰি গ্ৰেপ্তাৰ হ’ল দুজন যুৱক।

    PTIৰ ৰিপৰ্ট অনুসৰি, শুকুৰবাৰৰ দিনা একাংশ লোকে এটা স্থানীয় মন্দিৰত চাউল খাই কাউৰীৰ জাক অচেতন হৈ পৰা প্ৰত্যক্ষ কৰিছিল । পিছত গম পোৱা যায় যে, মন্দিৰত ভক্তই যোগান ধৰা চাউলত নিচা যুক্ত দ্ৰব্য মিহলাই কাউৰীক খোৱাই অচেতন কৰে দুজন যুৱক। আৰু পিছত কাউৰীবোৰ মাৰি মাংস যোগান ধৰে পদপথৰ খাদ্যৰ বিপনীত। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজনকে। আৰক্ষীয়ে দুয়োৰে পৰা জব্দ কৰিছে প্ৰায় ১৪০ টা মৰা কাউৰী।

    দুয়োজনে স্বীকাৰ কৰিছে যে, তেওঁলোকে যোগান ধৰা কাউৰীৰ মাংস বিপনী কেইখনত মুৰ্গীৰ মাংসৰ সৈতে মিহলী কৰি বিক্ৰী কৰে। এনেদৰে বহুদিন ধৰি তেওঁলোকে যোগান ধৰি আহিছে কাউৰীৰ মাংস।

    চাওক ৰান ছবিৰ সেই বিশেষ দৃশ্য

    Published by:Himangshu Bhuyan
    First published: