বিশ্ব পৰিবেশ দিৱসত মেঘালয়ে দিব সমগ্ৰ বিশ্বক চমক

বিশ্ব পৰিবেশ দিৱসৰ দিনা মেঘালয়ে ৰোপণ ১.৫ মিলিয়ন গছ ৰোপণ কৰি গঢ়িব বিশ্ব অভিলেখ

news18assam
Updated:June 1, 2019, 3:46 PM IST
বিশ্ব পৰিবেশ দিৱসত মেঘালয়ে দিব সমগ্ৰ বিশ্বক চমক
বিশ্ব পৰিবেশ দিৱসৰ দিনা মেঘালয়ে ৰোপণ ১.৫ মিলিয়ন গছ ৰোপণ কৰি গঢ়িব বিশ্ব অভিলেখ
news18assam
Updated: June 1, 2019, 3:46 PM IST
বিশ্ব পৰিবেশ দিৱসৰ দিনা চুবুৰীয়া ৰাজ্য মেঘালয়ে সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰিব এক অনন্য নিদৰ্শন। নিজৰ ৰাজ্যখন সেউজীয়া কৰি পৰিবেশ প্ৰদূষন ৰোধ কৰিবলৈ ৰাজ্যখনে হাতত লৈছে এক মহৎ প্ৰচেষ্টা।৩০ মে’ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিশ্ব পৰিবেশ দিৱসৰ  দিনা ৰাজ্যবাসীক ১.৫ মিলিয়ন গছ ৰোপণ কৰিবলৈ অনুৰোধ জনাইছিল। মুখ্যমন্ত্ৰীৰ অনুৰোধক এতিয়া সন্মতি জনোৱা পৰিলক্ষিত হৈছে ৰাজ্যখনৰ জনসাধাৰণে।



ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ টুইটাক একাউণ্টত উল্লেখ কৰিছে যে ‘ মই মেঘালয়ৰ সমূহ জনসাধাৰণক অনুৰোধ জনাও যে বিশ্ব পৰিবেশ দিৱসৰ দিনা ১.৫ মিলিয়ন গছ ৰোপণ কৰি পৰিবেশ সজাগতাৰ আমাৰ এই আন্দোলনৰ সমভাগী হওক। আমাৰ এই সেউজীয়া পৃথিৱী গঢ়াৰ যাত্ৰাত অংশগ্ৰহণ কৰি বিশ্ব পৰিবেশ দিৱস উদযাপন কৰক।’

মেঘালয়ে হাতত লোৱা এই প্ৰচেষ্টাই এতিয়া সকলোৰো দৃষ্টি আকৰ্ষণ কৰিছে। বহুতে সমৰ্থনো আগবঢ়াইছে ৰাজ্যখনৰ এই নতুন কাৰ্যসূচীক। সকলোৰে বাবে আদৰ্শ হওক মেঘালয়ৰ লবলগীয়া এই ঐতিহাসিক প্ৰচেষ্টা।

 

আৰু চাওক পৰৱৰ্তী বাতৰি