অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত আপলোড কৰা বহুচৰ্চিত প’ষ্টৰ আঁৰৰ ব্যক্তিজন!

দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ডৰ আৰক্ষীয়েও এতিয়া অসম আৰক্ষীৰ এই আকৰ্ষণীয় টুইটক লৈ কৰিছে চৰ্চা।

news18assam
Updated:June 8, 2019, 5:07 PM IST
অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত আপলোড কৰা বহুচৰ্চিত প’ষ্টৰ আঁৰৰ ব্যক্তিজন!
দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ডৰ আৰক্ষীয়েও এতিয়া অসম আৰক্ষীৰ এই আকৰ্ষণীয় টুইটক লৈ কৰিছে চৰ্চা।
news18assam
Updated: June 8, 2019, 5:07 PM IST
কৰিশ্মা হাছনাটঃ  অপৰাধক লৈ আমোদজনকভাৱে পোষ্ট দিয়া অসম আৰক্ষী ভাৰতবৰ্ষৰ ভিতৰতে একমাত্ৰ।অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত আপলোড কৰা এটা শেহতীয়া পোষ্টে এতিয়া সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত লাভ কৰিছে ব্যাপক চৰ্চা। নিষিদ্ধ গাঞ্জাৰ গৰাকী বিচাৰি অসম আৰক্ষীয়ে কৰিছিল এই টুইট। টুইটাৰত অসম আৰক্ষীয়ে গাঞ্জাৰ ফটোৰ সৈতে লিখিছে – ‘কোনো লোকে ছাগলীয়া তালাচী চকীত ৫৯০ কিলোগ্ৰাম গাঞ্জাসহ এখন ট্ৰাক হেৰুৱাইছে নেকি? চিন্তা নকৰিব, আমি পাইছো। অনুগ্ৰহ কৰি ধুবুৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰক, তেওঁলোকে নিশ্চয় সহায় কৰিব।’ অসম আৰক্ষীৰ এই টুইটৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।



কিন্তু এই টুইটৰ আঁৰৰ মানুহজন কোন আছিল?

ছচিয়েল মিডিয়াত এসম আৰক্ষীৰ ইমান খিনি অগ্ৰগতিৰ মূল মানুহ জনেই হ’ল অসম অতিৰিক্ত আৰক্ষী আয়ুক্ত হৰমীট সিং।

ইতিমধ্যে ১১ হাজাৰ লোকে ৰিটুইট কৰা প’ষ্টতো সমগ্ৰ বিশ্বতে এতিয়া ভাইৰেল হৈ পৰিছে। দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ডৰ আৰক্ষীয়েও এতিয়া অসম আৰক্ষীৰ এই আকৰ্ষণীয় টুইটক লৈ কৰিছে চৰ্চা। অতিৰিক্ত আৰক্ষী আয়ুক্ত হৰমীট সিঙে এতিয়া নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই বিশেষ টুইটক লৈ। অতিৰিক্ত আৰক্ষী আয়ুক্তজনে এতিয়া নিজৰ দলটোক বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে প্ৰশংসা কৰে বুলি মন্তব্য কৰিছে। লগতে তেওঁ নিজৰ দলটোৰ সদস্য সকলক প্ৰশংসা কৰিছে। এইসম্পৰ্কত আৰক্ষী বিষয়াজনে কয় যে এনেদৰে নিজে কৰা কোনো কামক যদি সকলোৱে প্ৰশংসা কৰে তেন্তে ই অত্যন্ত প্ৰেৰণাদায়ক। সেইদৰে এই টুইটতো কোনো ধৰণৰ হৰ্ঠাতে দিয়া চমক নহয়, এনেধৰণৰ ব্যতিক্ৰমী কামৰ বাবে বহুদিনৰ পৰা চেষ্টা চলাই আহিছে তেওঁলোকে।



ছচিয়েল মিডিয়াত বিয়পা ভুৱা বাতৰি প্ৰচাৰ নাইকীয়া কৰিবলৈ ‘Bohemian Factsody’ৰ উদ্ধৃতিৰে অসম আৰক্ষীয়ে এক সজাগতা অভিযান চলাইছে। এই অভিযানৰ অন্যতম লক্ষ্য হ’ল ছচিয়েল মিডিয়াৰ জৰিয়তে এসম আৰক্ষী জনসাধাৰণৰ কাষ চপা। সেইদৰে অসম আৰক্ষীৰ ছচিয়েল মিডিয়াৰ টীমৰ এই সৃজনীশীলতা আৰু ব্যতিক্ৰমী প্ৰচেষ্টা ড০ ভূপেন হাজৰিকা আৰু ফ্ৰেডী মাৰ্কাৰীৰ দৰে কিংবদন্তী সকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলী বুলি উল্লেখ কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান গৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি