உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Priyanka Mohite: ৮০০০ মিটাৰ উচ্চতাৰ ৫টা শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা, প্ৰিয়ংকা মোহিতৰ বিষয়ে আপুনি জানেনে

    Priyanka Mohite: ৮০০০ মিটাৰ উচ্চতাৰ ৫টা শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা, প্ৰিয়ংকা মোহিতৰ বিষয়ে আপুনি জানেনে

    Priyanka Mohite: প্ৰিয়ংকা মোহিতে ২০১৩ চনত ৮,৮৪৯ মিটাৰ উচ্চতাৰ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট (Mount Everest)ত আৰোহণ কৰিছিল।

    • Share this:
    মহাৰাষ্ট্ৰৰ চাটাৰাৰ প্ৰিয়ংকা মোহিতে (Priyanka Mohite) বৃহস্পতিবাৰে কাঞ্চনজংঘা (Kanchenjunga) পৰ্বত আৰোহণ কৰাৰ পিছত ৮,০০০ মিটাৰৰ অধিক উচ্চতাৰ পাঁচটা শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈ পৰিছে। টেনজিং নৰ্গে এডভেঞ্চাৰ এৱাৰ্ড ২০২০ বিজয়ী ৩০ বছৰীয়া প্ৰিয়ংকা মোহিতে পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ পৰ্বত কাঞ্চনজংঘা (৮,৫৮৬ মিটাৰ) পৰ্বতলৈ অভিযান সফলতাৰে সম্পূৰ্ণ কৰে। তেওঁৰ ভাতৃ আকাশ মোহিতে পিটিআইক এই কথা জনায়।

    ২০২১ চনৰ এপ্ৰিল মাহত তেওঁ বিশ্বৰ দশম সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট অন্নপূৰ্ণা (৮,০৯১ মিটাৰ) আৰোহণ কৰিছিল আৰু এই কৃতিত্ব অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা আৰোহী হিচাপে পৰিগণিত হৈছিল। প্ৰিয়ংকা মোহিতে ২০১৩ চনত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট (Mount Everest) (৮,৮৪৯ মিটাৰ), ২০১৮ চনত মাউণ্ট ল'টছে (৮,৫১৬ মিটাৰ), মাউণ্ট মাকালু (৮,৪৮৫ মিটাৰ) আৰু মাউণ্ট কিলিমাঞ্জাৰো (৫,৮৯৫ মিটাৰ) ২০১৬ চনত আৰোহণ কৰিছে।
    Published by:Manjumoni Borah
    First published: