• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এইগৰাকী ক্ৰিকেটাৰ বিৰাট কোহলীৰ জ্যেষ্ঠ ভগ্নী ভাৱনা কোহলী ! জানক ভাৱনাৰ বিষয়ে নজনা বহু কথা...

এইগৰাকী ক্ৰিকেটাৰ বিৰাট কোহলীৰ জ্যেষ্ঠ ভগ্নী ভাৱনা কোহলী ! জানক ভাৱনাৰ বিষয়ে নজনা বহু কথা...

বিৰাট আৰু বিকাশ কোহলীৰ জ্যেষ্ঠ ভগ্নী ভাৱনা হৈছে পুৰুষৰ ফেশ্বন ব্ৰেণ্ড one8Selectৰ অন্যতম মুখ্য সদস্য ।

বিৰাট আৰু বিকাশ কোহলীৰ জ্যেষ্ঠ ভগ্নী ভাৱনা হৈছে পুৰুষৰ ফেশ্বন ব্ৰেণ্ড one8Selectৰ অন্যতম মুখ্য সদস্য ।

বিৰাট আৰু বিকাশ কোহলীৰ জ্যেষ্ঠ ভগ্নী ভাৱনা হৈছে পুৰুষৰ ফেশ্বন ব্ৰেণ্ড one8Selectৰ অন্যতম মুখ্য সদস্য ।

  • Share this:
সুন্দৰ প্ৰদৰ্শনেৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ জগতত উজলি উঠা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ বিষয়ে আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । ভাৰতীয় ক্ৰিকেট দল অধিনায়কৰ লগতে শেহতীয়াকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অধিনায়ক হিচাপে দেখিবলৈ পোৱা বিৰাটক প্ৰায়েই পত্নী অনুষ্কা শৰ্মাৰ সৈতে দেখিবলৈ পোৱা যায় । কিন্তু তেওঁৰ জ্যেষ্ঠ ভগ্নী ভাৱনা কোহলী ধিংৰাৰ বিষয়ে খুব কমকৈ জনা যায়।

দৰাচলতে ভাৱনা কোহলী কোন, তেওঁ কি কৰে ?

বিৰাট আৰু বিকাশ কোহলীৰ জ্যেষ্ঠ ভগ্নী ভাৱনা হৈছে পুৰুষৰ ফেশ্বন ব্ৰেণ্ড one8Selectৰ অন্যতম মুখ্য সদস্য। লগতে তেওঁ ছ'চিয়েল মিডিয়াৰ এগৰাকী সক্ৰিয় ব্যৱহাৰকাৰী, য'ত তেওঁৰ আছে ৮৫.৯ হাজাৰ অনুসৰণকাৰী যিয়ে তেওঁৰ প্ৰতিটো কামতেই দৃষ্টি ৰাখে । দিল্লীত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা ভাৱনাই ৰাষ্ট্ৰীয় ৰাজধানীস্থিত হংসৰাজ মডেল স্কুল আৰু দৌলত ৰাম মহাবিদ্যালয়ৰ পৰা শৈক্ষিক জীৱন সমাপ্ত কৰিছিল ।

ভাৱনাৰ ইনষ্টাগ্ৰাম পেজলৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁ এগৰাকী ধেমেলীয়া ব্যক্তি, যিয়ে নিজৰ পৰিয়ালৰ সৈতে ভাল সময় কটাবলৈ ভাল পায় । তেওঁ মেহক আৰু আয়ুষ নামৰ দুই সন্তানৰ মাতৃ । সঞ্জয় ধিংৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ভাৱনা কোহলী । যাৰ বাবে তেওঁক প্ৰায়ে পৰিয়ালৰ সৈতে ছুটীৰ সময় কটোৱা দেখিবলৈ পোৱা যায় ।

ইপিনে এগৰাকী সাধাৰণ ডাঙৰ ভগ্নী হিচাপে ভাৱনাক ভিন্ন সময়ত কনিষ্ঠ ভায়েক বিৰাটক উৎসাহিত কৰা দেখিবলৈ পোৱা যায় । বিশেষকৈ বিৰাটে কৰা আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছতেই তেওঁ শ্বেয়াৰ কৰে ভাতৃ বিৰাটৰ ভিন্ন ফটো ।

বিশেষ দিনত ভাৱনাই ইনষ্টাত এনে কিছু ফটো পোষ্ট কৰা দেখা যায়, য'ত বিৰাট আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ কেতিয়াও নেদেখা দিশটো দেখিবলৈ পোৱা যায় । বিৰাটৰ জন্মদিন উপলক্ষে ভাৱনাই শ্বেয়াৰ কৰিছিল শৈশৱৰ এই ছবিখন য'ত কণমানি বিৰাটক দেখিবলৈ পোৱা গৈছে ।
https://www.instagram.com/p/BbFYTa6lpWI/?utm_source=ig_embed&ig_rid=9cec6743-306b-4174-8933-d9e7463b31f1

২০১৭ চনৰ এই ছবিবোৰ ইটালীৰ টাস্কানিত অনুষ্ঠিত বিৰাট আৰু অনুষ্কাৰ বিবাহৰ । যিবোৰ ফটো ইনষ্টাত আপলোড কৰিছিল তেওঁ ভাৱনাই লগতে দিল্লী আৰু মুম্বাইত তাৰকা দম্পতীয়ে আয়োজন কৰা বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ ফটোও শ্বেয়াৰ কৰিছিল ভাৱনাই ।
https://www.instagram.com/p/Bckoz8AFm4X/?utm_source=ig_embed&ig_rid=289a485e-ed36-4225-bb4c-c89b8f5c3866
Published by:Kokil Sarma
First published: