Sexual Wellness: হস্তমৈথুন কৰাৰ বাবে কোনো বিশেষ সময় থাকে নেকি ? বিশেষজ্ঞই ক'লে এনেদৰে

News18 Assam | News18-Assam
Updated:March 22, 2021, 4:00 PM IST
Sexual Wellness: হস্তমৈথুন কৰাৰ বাবে কোনো বিশেষ সময় থাকে নেকি ? বিশেষজ্ঞই ক'লে এনেদৰে
বিশেষজ্ঞৰ মতে কোনো কথা চিন্তা নকৰাকৈ হস্তমৈথুন কৰক। এয়া কিমান সঘনাই কৰিব লাগে সেই বিষয়েও নিৰ্ধাৰিত একো নাই । বেছি পৰিমাণৰ যৌন আকাংক্ষা থকাটো স্বাভাৱিক।

বিশেষজ্ঞৰ মতে কোনো কথা চিন্তা নকৰাকৈ হস্তমৈথুন কৰক। এয়া কিমান সঘনাই কৰিব লাগে সেই বিষয়েও নিৰ্ধাৰিত একো নাই । বেছি পৰিমাণৰ যৌন আকাংক্ষা থকাটো স্বাভাৱিক।

  • Share this:
হস্তমৈথুন হৈছে এক স্বাভাৱিক আৰু স্বাস্থ্যকৰ যৌন কাৰ্যকলাপ। সকলো বয়সৰ লোকই হস্তমৈথুন কৰে, শিশুৱেও তেওঁলোকৰ যৌনাংগ স্পৰ্শ কৰে আৰু তেওঁলোকৰ শৰীৰৰ বিষয়ে তথ্য লাভ কৰে আৰু কিশোৰ আৰু প্ৰাপ্তবয়স্কসকলে যৌন আনন্দ উপভোগ কৰিবলৈ এনে কৰে (Sexual activities) । আপুনি এদিনত কিমানবাৰ কৰিব আৰু কেতিয়া কৰিব, সেই বিষয়ে কোনো নিৰ্ধাৰিত সময় নাই (Masturbate Timing) । ই ব্যক্তি বিশেষে তেওঁলোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁলোকে এটা দিনত কিমান সঘনাই আৰু কেতিয়া হস্তমৈথুন কৰে । ই দিনত দুইৰ পৰা তিনিবাৰৰ পৰা সপ্তাহত এক বা অধিক বাৰ বা মাহত এক বা অধিক বাৰ হ'ব পাৰে।

এইটো সত্য যে হস্তমৈথুনৰ বিষয়ে ভিন্ন কথা প্ৰচলিত আছে যে ইয়াৰ ফলত শুক্ৰাণু হ্ৰাস হয়, লিঙ্গ দুৰ্বল হয়, যৌন আকাংক্ষা হ্ৰাস পায়, মানসিক বিকাৰ বৃদ্ধি পোৱাৰ লগতে ভিন্ন সমস্যা | কিন্তু এই সকলোবোৰ অসম্ভৱ। হস্তমৈথুনৰ ফলত স্বাস্থ্যৰ বহু লাভালাভো আছে যেনে ই যৌন হতাশা দূৰ কৰে, টোপনি ভাল কৰে , মন আৰু মস্তিষ্ক শিথিল হয় আৰু ই আত্মসন্মান বৃদ্ধি কৰে।

গতিকে কোনো কথা চিন্তা নকৰাকৈ হস্তমৈথুন কৰক | এয়া কিমান সঘনাই কৰিব লাগে সেই বিষয়েও নিৰ্ধাৰিত একো নাই । বৃহৎ পৰিমাণৰ যৌন আকাংক্ষা থকাটো স্বাভাৱিক। ব্যক্তি এজনে কিমানবাৰ হস্তমৈথুন কৰিছে ইয়ে তেতিয়ালৈকে সমস্যাৰ সৃষ্টি নকৰে যেতিয়ালৈকে ই ব্যক্তিজনৰ স্বাস্থ্য আৰু সন্তুলিত জীৱনক প্ৰভাৱিত কৰা আৰম্ভ নকৰে, উদাহৰণ স্বৰূপে - বিদ্যালয়লৈ যোৱা, কাম কৰা, পৰিয়াল আৰু সামাজিক সমাবেশত উপস্থিত থকা আদি কাৰ্যক প্ৰভাৱিত কৰিবলৈ আৰম্ভ নকৰে ।

যদিহে আপুনি ঘৰতে থাকি দিনটো হস্তমৈথুন কৰি থাকিব বিচাৰে আৰু ইয়াৰ বাবে আপুনি কামলৈ যাব পৰা নাই, ইয়ে আপোনাক বাহিৰলৈ যোৱা বন্ধ কৰি দিছে,বন্ধুবৰ্গৰ সৈতে লগ পোৱা বন্ধ কৰি দিছে , আপোনাৰ পৰিয়ালৰ সৈতে সময় কটোৱা কাৰ্য বন্ধ কৰি দিছে | তেন্তে জানি ল'ব ই সমস্যাৰ কাৰণ হৈ পৰিছে | আৰু যদিহে আপুনি ইমানেই হস্তমৈথুন কৰিছে যে আপোনাৰ যৌনাংগত বিষ বা ঘাৰ সৃষ্টি হৈছে তেন্তেও ই সমস্যা সৃষ্টি কাৰণ হৈ পৰিছে ।
First published: March 16, 2021, 10:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি