শুনিলে আচৰিত হ'ব আপুনিও! একেটা মণ্ডপতে দুগৰাকী কইনাৰ সৈতে বিয়াত বহিল দৰা...

News18 Assam | News18-Assam
Updated:April 27, 2021, 7:50 PM IST
শুনিলে আচৰিত হ'ব আপুনিও! একেটা মণ্ডপতে দুগৰাকী কইনাৰ সৈতে বিয়াত বহিল দৰা...
বানেশ্বৰৰ এখন বিয়াই দৃষ্টি কাঢ়িছে সকলোৰে । এজন যুৱকে একেটা মণ্ডপতে দুগৰাকী কইনাক লগত লৈ বহিল হোমৰ গুৰিত ।

বানেশ্বৰৰ এখন বিয়াই দৃষ্টি কাঢ়িছে সকলোৰে । এজন যুৱকে একেটা মণ্ডপতে দুগৰাকী কইনাক লগত লৈ বহিল হোমৰ গুৰিত ।

  • Share this:
জনজাতীয় অধ্যুষিত বানেশ্বৰৰ চহৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগত অৱস্থিত আনন্দপুৰী পঞ্চায়তৰ অন্তৰ্গত কাদা গাঁৱৰ এখন ত্ৰিকোণীয় বিবাহে দৃষ্টি কাঢ়িছে দেশবাসীৰ । অঞ্চলটোৰ এজন যুৱকে একে সময়তে দুগৰাকী ছোৱালীক বিয়া কৰোৱা কাৰ্যই আচৰিত কৰি তুলিছে সকলোকে । দৰাচলতে জনজাতীয় অঞ্চলটোত স্থানীয় বাসিন্দাসকলৰ একাধিক পত্নী থকাটো এক সাধাৰণ কথা হিচাপে বিবেচনা হয় । একেটা মণ্ডপতে এনেদৰে একেলগে দুগৰাকী ছোৱালীক বিয়া কৰোৱা বাবেই এই বিবাহ চৰ্চাৰ বিষয় হৈ আছে।

কাদা গাঁৱৰ বাসিন্দা দিনেশে ২৪ এপ্ৰিলত এনেদৰে বিবাহ পাশত আৱদ্ধ হয় । যুৱকজনৰ এই বিবাহ আকৰ্ষণীয় আছিল কিয়নো তেওঁ বিয়া কৰোৱা দুই যুৱতী আছিল দুখন ভিন্ন গাঁৱৰ । আৰু তেওঁলোকৰ নাম হৈছে সীতা আৰু গীতা । এই বিবাহৰ সময়ত সমাজৰ সকলো লোক উপস্থিত আছিল যদিও কোনেও এই বিবাহৰ বিৰোধিতা কৰা নাছিল । সাধাৰণভাৱেই শনিবাৰে নিশা সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠিত হৈছিল বিয়াখন । য'ত যুৱকজনে একেটা মণ্ডপতে দুগৰাকী যুৱতীৰ হোমৰ গুৰিত বহিছিল ।

জানিব পৰা মতে বৰজাদিয়া নিবাসী সীতা আৰু আমনিবাসী গীতাক বিয়া কৰোৱা দিনেশে প্ৰথমে এগৰাকী যুৱতীক নাত্ৰাৰ অধীনত ৰাখিছিল আৰু এতিয়া বিবাহ পাশত আৱদ্ধ হোৱাৰ লগতে সামাজিক স্বীকৃতি প্ৰদান কৰে । এই নাত্ৰা প্ৰথা হৈছে অধীনত এজন ব্যক্তিয়ে বিয়া নোহোৱাকৈ এগৰাকী মহিলাৰ সৈতে থাকে । ইয়াক আইনীভাৱে গ্ৰহণ কৰা নহয় যদিও সমাজে কিছু শাস্তি দিয়াৰ পিছত ইয়াক গ্ৰহণ কৰে । আনফালে এগৰাকীক বাগদান কৰোৱাৰ পিছত দীনেশে বিবাহ পাশত আৱদ্ধ হয়। দিনেশ পেছাত এজন ঘৰ নিৰ্মাণৰ ঠিকাদাৰ। তেওঁ গুজৰাটত গৃহ নিৰ্মাতা হিচাপে কাম কৰে। যিহেতু লকডাউনৰ পিছত নিৰ্মাণ কাৰ্য স্থবিৰ হৈ পৰিছে, সেয়েহে তিনিওটা পৰিয়ালৰ দিনেশে এই ত্ৰিকোণীয় বিবাহ সম্পাদন কৰে । দিনেশৰ পূৰ্বেও এই অঞ্চলত ২০১৪ চনত একে ধৰণৰ বিবাহ অনুষ্ঠিত হৈছিল । য'ত এজন যুৱকে একেটা মণ্ডপতে দুগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল এজন ব্যক্তি ।

উল্লেখ্য যে,বৰ্তমানেও এনে বহু অঞ্চল আছে য'ত বিবাহিত হোৱাৰ পিছতো কোনো বিবাহ বিচ্ছেদ নোহোৱাকৈয়ে মন মিলিলেই দুগৰাকী লোকে একেলগে থাকিবলৈ লয় বা বিবাহ পাশত আৱদ্ধ হয় । যি আইন মতে দণ্ডনীয় । এনে অঞ্চলত বহু লোক আছে, যাৰ একাধিক পত্নী আছে ।
Published by: Kokil Sarma
First published: April 27, 2021, 7:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি