অধিক মেকআপ কৰি নহয়, মাত্ৰ নিজৰ জীৱনশৈলীৰ কিছু পৰিৱৰ্তন ঘটাই কইনাই নিজকে ধুনীয়া কৰি ৰাখিব পাৰে।
অধিক মেকআপ কৰি নহয়, মাত্ৰ নিজৰ জীৱনশৈলীৰ কিছু পৰিৱৰ্তন ঘটাই কইনাই নিজকে ধুনীয়া কৰি ৰাখিব পাৰে।
বিবাহ জীৱনলৈ মাত্ৰ এবাৰেই আহে। নিজৰ বিবাহৰ বাবে সকলোৰে থাকে বহু পৰিকল্পনা। বিবাহৰ দিনা কইনাই নিজকে অধিক আকৰ্ষণীয় ৰূপত সজাই পৰাই ৰাখে। সকলোৰে এটাই উদ্দেশ্য- 'মোক লাগক আটাইতকৈ ধুনীয়া!'
অধিক মেকআপ কৰি নহয়, মাত্ৰ নিজৰ জীৱনশৈলীৰ কিছু পৰিৱৰ্তন ঘটাই কইনাই নিজকে ধুনীয়া কৰি ৰাখিব পাৰে। বিয়াৰ কিছুদিন আগৰ পৰা কইনাই এনে খাদ্য গ্ৰহণ কৰিলে নিজকে অধিক আকৰ্ষণীয় কৰি ৰাখিব পাৰেঃ
- ছাল, চুলিৰ উজ্জ্বলতাৰ বাবে বিভিন্ন ধৰণৰ বাদাম খাব পাৰে।
- যথেষ্ট পৰিমাণে পানী খাব যাতে ছাল সজীৱ থাকে।
- আহাৰত নিয়মীয়াকৈ এগিলাচ পাচলিৰ ৰস ৰাখিব লাগে। আপুনি ইয়াত গাজৰ, বীট, বিলাহী ৰাখিব পাৰে।
- শ্বিয়া চিড পানীৰ কোনো বিকল্প নাই। ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে।
- প্ৰতিদিনে অমিতা খাওক। ই খাদ্য হজম কৰাত সহায় কৰে।
- ইয়গার্ট খোৱাটো অতি গুৰুত্বপূৰ্ণ। কেলচিয়াম আৰু প্ৰ'টিনেৰে ভৰপূৰ এই খাদ্যই ওজন বজাই ৰখাত সহায় কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|