মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»ৰিলায়েন্স Jio আৰু Facebook–এ মিলি ভাৰতত মানুহক ব্যৱসায়ৰ নতুন সুযোগ প্ৰদান কৰিবঃ মাৰ্ক জাকাৰবাৰ্গ

ৰিলায়েন্স Jio আৰু Facebook–এ মিলি ভাৰতত মানুহক ব্যৱসায়ৰ নতুন সুযোগ প্ৰদান কৰিবঃ মাৰ্ক জাকাৰবাৰ্গ

News18 Assam | News18-Assam
Updated:April 22, 2020, 9:22 AM IST
ৰিলায়েন্স Jio আৰু Facebook–এ মিলি ভাৰতত মানুহক ব্যৱসায়ৰ নতুন সুযোগ প্ৰদান কৰিবঃ মাৰ্ক জাকাৰবাৰ্গ
Facebook–এ Reliance Jioৰ ৯.৯৯ শতাংশ অংশীদাৰিত্ব ৪৩,৫৭৪ কোটি টকাত ক্ৰয় কৰিছে।

Facebook–এ Reliance Jioৰ ৯.৯৯ শতাংশ অংশীদাৰিত্ব ৪৩,৫৭৪ কোটি টকাত ক্ৰয় কৰিছে।

  • Share this:
মুম্বাইঃ ভাৰতৰ সৰ্ববৃহৎ টেলিকম কোম্পানী Reliance Jioৰ অংশীদাৰিত্ব ক্ৰয় কৰাৰ পিছতে ফেচবুকৰ চিইঅ’ মাৰ্ক জাকাৰবাৰ্গে কয় যে এতিয়া পৃথিৱীত বহুতো কথা–বতৰা চলি আছে, কিন্তু মই ভাৰতত নিজৰ কামৰ এক আপডেট দিব বিচাৰো। ফেচবুকে Jio Platformsৰ সৈতে মিলি কাম কৰি আছে। আমি এক বিত্তীয় বিনিয়োগ কৰিছো আৰু ইয়াতকৈও অধিক আমি কিছু গুৰুত্বপূৰ্ণ পৰিকল্পনাত একেলগে কাম কৰিবলৈ সংকল্পৱদ্ধ যাৰ দ্বাৰা সমগ্ৰ ভাৰতৰ মানুহে ব্যৱসায়ৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে, বিশ্ব প্ৰসিদ্ধ ছচিয়েল মিডিয়া প্লেটফ’ৰ্ম ফেচবুকে ভাৰতৰ বৃহৎ টেলিকম কোম্পানী Jioৰ ৯.৯৯ শতাংশ অংশ ৪৩,৫৭৪ কোটি টকাত ক্ৰয় কৰিছে।

মাৰ্ক জাকাৰবাৰ্গে কয়, মই মুকেশ আম্বানী আৰু সম্পূৰ্ণ Jioটীমক তেওঁলোকৰ অংশীদাৰিত্বৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। মই এই নতুন চুক্তিক লৈ যথেষ্ট উৎসাহিত হৈ আছো।

ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সহায় হ’বঃ Facebook আৰু WhattsAppৰ ব্যৱহাৰ ভাৰতৰ এক বৃহৎ অংশই কৰে। ভাৰত এই সময়ত এক ডিজিটেল ট্ৰান্সফৰমেচনৰ স্থিতিত উপনীত হৈছে আৰু Jio–ই এই সময়ত কোটি কোটি ভাৰতীয় আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ কাম সহজ কৰাত সহায় কৰি আছে। Jio–ই ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক ডিজিটেল প্লেটফ’ৰ্মলৈ অনাত সহায় কৰি আছে।

মাৰ্ক জাকাৰবাৰ্গে কয় যে এয়া বিশেষকৈ গুৰুত্বপূৰ্ণ কাৰণে ক্ষুদ্ৰ ব্যৱসায় প্ৰতিটো অৰ্থনীতিৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু তেওঁলোকক সহায়ৰ প্ৰয়োজন হৈ থাকে। ভাৰতত ৬কোটিৰো অধিক ক্ষুদ্ৰ ব্যৱসায় আছে আৰু লাখ লাখ মানুহৰ চাকৰি তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল।

লকডাউনত সমগ্ৰ বিশ্বৰ লগতে এই ব্যৱসায়ীসকলকো বিভিন্ন ডিজিটেল উপকৰণৰ প্ৰয়োজন। এইসমূহৰ ওপৰত ভৰসা কৰি তেওঁলোকে গ্ৰাহকৰ সৈতে মত বিনিময় কৰিব পাৰে আৰু ব্যৱসায় বৃদ্ধি কৰিব পাৰে। এইটো ক্ষেত্ৰত আমি সহায় কৰিব পাৰো আৰু সেইকাৰণে আমি ভাৰতত ৰাইজ আৰু ব্যৱসায়ীসকলক সহায় কৰিবলৈ Jioৰ সৈতে অংশীদাৰিত্ব কৰিছো আৰু নতুন সুযোগ সৃষ্টি কৰিছো।
Published by: Tulika Devi
First published: April 22, 2020, 9:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি