নতুন বছৰৰ প্ৰথম দুমাহ শেষ হৈছে। কাইলৈ ১মাৰ্চত আৰম্ভ হ’ব এটা নতুন মাহ। এই মাহৰ আৰম্ভনিৰ পৰা আপুনি কেতবোৰ কথাত গুৰুত্ব দিয়া প্ৰয়োজন। যদি আপুনি গুৰুত্ব নিদিয়ে তেনেহ’লে আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে। মাৰ্চ মাহত হ’বলগীয়া এই পৰিৱৰ্তনৰ পোণপটীয়া প্ৰভাৱ পৰিব আপোনাৰ ওপৰত। কি এইবোৰ চাও আহক–
(১) ভাৰতীয় ষ্টেট বেংক(SBI)–সকলো গ্ৰাহকৰ কাৰণে নিজৰ একাউণ্টৰ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো বাধ্যতামূলক। বেংকে নিজৰ গ্ৰাহকসকলক এই বিষয়ে এক SMS–ও প্ৰেৰণ কৰিছে। KYC পূৰ্ণ কৰাৰ অন্তিম তাৰিখ ২৮ ফেব্ৰুৱাৰীলৈকে যদি আপোনাৰ একাউণ্টৰ KYC আপডেট নকৰে তেনেহ’লে আপোনাৰ একাউণ্ট বন্ধও হ’ব পাৰে। দৰাচলতে RBI–এ KYC বাধ্যতামূলক কৰিছে।
ইয়াৰ কাৰণে আপুনি ডকুমেণ্ট ভোটাৰ আইডি, পাছপ’ৰ্ট, ড্ৰাইভিং লাইচেন্স, মনৰেগা কাৰ্ড, পেন্সন লোৱা আদেশ, ডাকঘৰৰ পৰা জাৰি কৰা পৰিচয় পত্ৰ, টেলিফোন বিল, বিদ্যুৎ বিল, বেংক একাউণ্টৰ বিৱৰণ, চেল ডিড/লীজ এগ্ৰীমেণ্টৰ কপি বেংকত গৈ জমা কৰিব লাগিব।
(২) চৰকাৰী বেংক ইণ্ডিয়ান বেংকে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে, যিসকল গ্ৰাহকে 2,000 টকীয়া নোট বিচাৰে তেওঁলোকে বেংকৰ ব্ৰাঞ্চত আহি কেছ উলিয়াই ল’ব পাৰে। কিন্তু ইণ্ডিয়ান বেংকৰ এটিএমৰ পৰা ২০০০টকীয়া নোট ১ মাৰ্চৰ পৰা নোলায়। ১মাৰ্চ ২০২০ৰ পিছত ইণ্ডিয়ান বেংকৰ ATMত ২০০০টকীয়া নোট ৰখা কেচেটছবোৰ ডিচেবল কৰা হ’ব।
(৩) জিএছটিৰ নতুন নিয়ম বলৱৎঃলটাৰীৰ ওপৰত এক মাৰ্চৰ পৰা ২৮শতাংশ দৰৰ ভিত্তিত GST বলৱৎ হ’ব। জিএছটি কাউন্সিলে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৰাজ্য চৰকাৰৰ দ্বাৰা চলোৱা স্বীকৃতি প্ৰাপ্ত লটাৰীৰ ওপৰত ২৮শতাংশ সম হাৰত জিএছটি বলৱৎ কৰাৰ সিদ্ধান্ত লৈছিল।
(৪) মাৰ্চৰ পৰা সলনি হ’ব SBIৰ ATM কাৰ্ডৰ পৰা টকা উলিওৱাৰ নিয়ম–ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এটিএম কাৰ্ড অৰ্থাৎ ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ সৈতে জৰিত নতুন নিয়ম বলৱৎ কৰিছে। আৰবিআইয়ে বেংকক কৈছে যে ভাৰতত কাৰ্ড জাৰি কৰাৰ সময়ত এটিএম আৰু PoSত কেৱল ডমেষ্টিক কাৰ্ডহে ব্যৱহাৰ কৰাৰ অনুমতি দিয়া উচিত।
RBIৰ তৰফৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় লেন–দেনত বেলেগকৈ অনুমতি ল’বলগীয়া হয়। ইয়াৰ বাহিৰে অনলাইন লেনদেন, কাৰ্ড নথকাত হোৱা লেনদেন আৰু কন্টেক্টলেচ লেনদেনৰ কাৰণে গ্ৰাহকে নিজৰ কাৰ্ডত বেলেগকৈ সেৱা ছেট কৰিব লাগিব।
এই নতুন নিয়ম ১৬মাৰ্চ, ২০২০ৰ পৰা নতুন কাৰ্ডৰ কাৰণে বলৱৎ হৈ যাব। পুৰণি কাৰ্ডৰ ধাৰকসকলে এই ইয়াৰে যিকোনো এটা সুবিধা বন্ধ কেতিয়া কৰিব লাগে আৰু কেতিয়া আৰম্ভ কৰিব লাগে সেয়া সিদ্ধান্ত ল’ব পাৰিব।
(ক) ডেবিট আৰু ক্ৰেডিট কাৰ্ড জাৰি কৰাৰ সময়ত এতিয়া গ্ৰাহকে ঘৰুৱা লেন–দেনৰ অনুমতি দিব লাগে। অৰ্থাৎ এতিয়া এটিএম মেচিনৰ পৰা টকা উলিৱাওতে আৰু পিঅ’এছ টাৰ্মিনেলত শ্বপিং কৰাৰ কাৰণে বিদেশী ট্ৰানজেকশ্যনৰ অনুমতি দিয়া নাই।
(খ) আন্তঃৰাষ্ট্ৰীয় লেন–দেন, অনলাইন লেনদেন আৰু কণ্টেক্টলেচ কাৰ্ডৰ জৰিয়তে লেনদেনৰ কাৰণে গ্ৰাহকে নিজৰ পচন্দ বেলেগকৈ দেখুৱাব লাগিব। অৰ্থাৎ গ্ৰাহকে যেতিয়া প্ৰয়োজন তেতিয়া চাৰ্ভিচ ল’ব পাৰিব অৰ্থাৎ ইয়াৰ কাৰণে আৱেদন কৰিব পাৰিব।
(গ) বৰ্তমানৰ কাৰ্ডৰ কাৰণে জাৰিকৰ্তাই নিজৰ ৰিস্কৰ ধাৰণাৰ আধাৰত নিৰ্ণয় ল’ব পাৰে। অৰ্থাৎ আপুনি নিজৰ কাৰ্ডেৰে ঘৰুৱা ট্ৰানজেকশ্যন বিচাৰে নে আন্তঃৰাষ্ট্ৰীয় ট্ৰেনজেকশ্যন বিচাৰে ইয়াৰ সিদ্ধান্ত যিকোনো মুহূৰ্তত গ্ৰাহকে ক ৰিব পাৰে।
(ঘ) গ্ৰাহকে সপ্তাহৰ ২৪ঘণ্টা নিজৰ ট্ৰানজেকশ্যনৰ সীমা যিকোনো সময়ত সলনি কৰিব পাৰে। সহজ ভাষাত ক’বলৈ গ’লে নিজৰ এটিএম কাৰ্ডক ম’বাইল এপ, ইণ্টাৰনেট বেংকিং, এটিএম মেচিনত গৈ আইভিআৰৰ জৰিয়তে যিকোনো মুহূৰ্তত ট্ৰানজেকশ্যন লিমিট নিৰ্ধাৰণ কৰিব পাৰে।
(ঙ) RBIৰ তৰফৰ পৰা জাৰি কৰা নতুন নিয়ম প্ৰীপেইড গিফ্ট কাৰ্ডত বলৱৎ নহ’ব।
(৫) ৰন্ধন গেছৰ মূল্য–প্ৰতি মাহৰ প্ৰথম দিনটোত দেশৰ ডাঙৰ অইল মাৰ্কেটিং কোম্পানীয়ে ৰন্ধন গেছৰ মূল্য নিৰ্ধাৰণ কৰে। কিন্তু ফেব্ৰুৱাৰী মাহত অইল মাৰ্কেটিং কোম্পানী ইণ্ডেনে (LPG Cylinder Price) ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১২ ফেব্ৰুৱাৰীত বৃদ্ধি কৰিলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|