ৰোজা ভাঙি হিন্দু ৰোগীক তেজ দিলে মঙলদৈৰ মুছলমান যুৱকে

মানৱতা যেতিয়া আটাইতকৈ ডাঙৰ ধৰ্ম হয়।

news18assam
Updated:May 12, 2019, 9:26 AM IST
ৰোজা ভাঙি হিন্দু ৰোগীক তেজ দিলে মঙলদৈৰ মুছলমান যুৱকে
ফটো উৎসঃটীম হিউমেনিটী
news18assam
Updated: May 12, 2019, 9:26 AM IST
ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ, বিশ্বৰ প্ৰতিগৰাকী নিষ্ঠাৱান মুছলমানেই ৰোজা ৰাখি ত্যাগ আৰু সংকল্পৰ পৱিত্ৰ বাৰ্তা আকৌ এবাৰ প্ৰতিধ্বনিত কৰিছে। 'ৰোজা'ৰ সময়ত একো খাব নোৱাৰে, আনকি পানীটুপিও। এই কঠোৰ সাধনাৰে ৰোজা ৰখাটো প্ৰতিগৰাকী ধাৰ্মিক মুছলমানৰ কাম্য কিন্তু যদিহে ধৰ্মীয় নিয়ম পূৰণ কৰাৰ বাটত আৰ্তজনক সহায় কৰাৰ প্ৰয়োজন আহি পৰে? হয়তু একাংশই এবাৰলৈ হ’লেও চিন্তা কৰিব কিন্তু মঙলদৈৰ এগৰাকী যুৱকে এইক্ষেত্ৰত ল’ল ব্যতিক্ৰমী সিদ্ধান্ত আৰু সৰ্বত্ৰ লাভ কৰিছে প্ৰচুৰ প্ৰশংসা। পান্নাউল্লাহ আহমেদ নামৰ এইগৰাকী ইছলামধৰ্মীয় যুৱকে মানৱতাক সৰ্বশ্ৰেষ্ঠ ধৰ্ম বুলি গ্ৰহণ কৰি এগৰাকী হিন্দু ব্যক্তিক ৰক্তদান কৰিবলৈ ৰোজা ভাঙে। গুৱাহাটীৰ স্বাগত চুপাৰস্পেচিয়েলিটী হাস্পতালৰ কৰ্মচাৰী পান্নাউল্লাহে লাভ কৰা এটা ফোনকলতে এপ’ল হাস্পতালত অপাৰেছন কৰিবলৈ লোৱা ধেমাজিৰ ৰঞ্জন গগৈক তেজ দিবলৈ সন্মত হ’ল।

ফটো উৎসঃটীম হিউমেনিটী


ফেচবুকৰ এটি জনপ্ৰিয় গোট ‘টীম হিউমেনেটি’ৰ সদস্য পান্নাউল্লাহ আৰু তেওঁৰ ৰুমমেট তাপস ভাগৱতী। বন্ধু তাপসে ধেমাজিৰ ব্যক্তিজনৰ তেজৰ প্ৰয়োজনীয়তাৰ বিষয়ে জানিব পাৰি পান্নাউল্লাহক সহায়ৰ বাবে আহ্বান জনায় আৰু পান্নাউল্লাহে লগে লগে সন্মতি প্ৰকাশ কৰে। এটা টিউমাৰ উঠিয়াব লগীয়া হৈ আছিল ৰোগীজনৰ আৰু তেওঁৰ তেজৰ গ্ৰুপ আছিল বি পজিটিভ। খুব খৰ ধৰকৈ তেজ দিব লগীয়া হোৱাত আৰু অন্য মানুহ মিলা ব্লাড গ্ৰুপৰ নথকাত পান্নাউল্লাহে সেই মহৎ কাম সম্পন্ন কৰে।

প্ৰথমে পান্নাউল্লাহে তেওঁৰ ধৰ্মৰ একাংশ লোকক ৰোজা ৰখা অৱস্থাত তেজ দিব পাৰিব নে নোৱাৰিব সুধিছিল কিন্তু বেছিভাগেই তেওঁক নোখোৱা–নোবোৱাকৈ থকা অৱস্থাত তেজ দিবলৈ বাধা আৰোপ কৰে। লগে লগে তেওঁ ৰোজা ভাঙি ব্যক্তিজনক তেজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি