আপোনজনক জানো বিদায় দিব পাৰি, বৰ কষ্টকৰ এই সময়, বৰ নিষ্ঠুৰ এই বাস্তৱ! ভগ্ন হিয়াৰে চকুত চকুপানী লৈ কঁপি কঁপি উঠা দুটি ওঠত মানুহজনীলৈ বিদায় শুভেচ্ছা-"তুমি সদায় কুশলে থাকা"

News18 Assam | News18-Assam
Updated:April 29, 2021, 1:00 PM IST
আপোনজনক জানো বিদায় দিব পাৰি, বৰ কষ্টকৰ এই সময়, বৰ নিষ্ঠুৰ এই বাস্তৱ! ভগ্ন হিয়াৰে চকুত চকুপানী লৈ কঁপি কঁপি উঠা দুটি ওঠত মানুহজনীলৈ বিদায় শুভেচ্ছা-
Representative image (Eros).

সঞ্জয় লীলা ভাঞ্চালীৰ 'হাম দিল দে চুকে চনম'ৰ দৰেই এক বাস্তৱ কাহিনী । য'ত এজন ব্যক্তিয়ে চকুত চকুপানী লৈ পত্নীক বিয়া পাতি দিয়ে প্ৰেমিকৰ সৈতে ।

  • Share this:
সঁচাকৈয়ে প্ৰেমে নামানে বাধা, প্ৰেমে নামানে বয়সৰ সীমা । প্ৰেমত হাবুডুবু খাই প্ৰেমিক যুঁটিয়ে চিনি নোপোৱা হৈ কাকোৱে । তেওঁলোকক মাথো লাগে আনজনৰ সংগ আৰু এয়া লাভ কৰিবলৈ তেওঁলোকে যিকোনো কামেই কৰিব পাৰে । এনেই এক ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে বিহাৰৰ ভগলপুৰত । য'ত দুটা সন্তানৰ এগৰাকী মাতৃয়ে পুনৰ বিবাহ পাশত আৱদ্ধ হয় নিজৰ প্ৰেমিকৰ সৈতে ।

জানিব পৰা মতে বিহাৰৰ খাগৰীয়া জিলাৰ স্বপ্না কুমাৰী নামৰ মহিলাগৰাকীয়ে ২০১৪ চনতেই বিবাহপাশত আৱদ্ধ হৈছিল চুলতানগঞ্জৰ উত্তম মণ্ডলৰ সৈতে । দম্পতীহালে এক সুখী বিবাহিত জীৱন যাপন কৰি থকাৰ সময়তে স্বপ্নাই উত্তমৰ আত্মীয় ৰাজু কুমাৰক লগ পোৱাৰ পিছতেই সলনি হৈ পৰে তেওঁলোকৰ জীৱন । একে অঞ্চলত বাস কৰা নিজতকৈ কম বয়সৰ ৰাজুক লগ পোৱাৰ পিছতেই ৰাজুৰ প্ৰেমত পৰে স্বপ্না । স্বপ্নাই বহু সময় ধৰি ৰাজুৰ সৈতে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল যদিও উত্তমে এই বিষয়ে উমানেই পোৱা নাছিল ।

যেতিয়া এই সম্পৰ্কত উত্তমে জানিব পাৰিছিল তেতিয়া উত্তম হতবাক হৈ পৰিছিল আৰু ইয়াৰ বিৰোধিতা কৰিছিল । আনকি স্বপ্নাৰ মাক-দেউতাক আৰু শহুৰেকৰ পৰিয়ালেও তেওঁলোকৰ বিবাহ বচাবলৈ স্বপ্নাক সৈমান কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু নিজৰ কথাত অটল আছিল স্বপ্না । দুটা সন্তানৰ মাতৃ হোৱা স্বত্বেও স্বপ্নাই কোনো কথা চিন্তা নকৰাকৈয়ে ৰাজুৰ প্ৰতি প্ৰেমত পৰিছিল । লাহে লাহে যেতিয়া স্বপ্না আৰু উত্তমৰ মাজৰ সম্পৰ্ক তিক্ত হ'বলৈ ধৰিলে তেতিয়া তেওঁলোক দুয়োৰে মাজত এই বিষয়টোক লৈ কাজিয়া সূত্ৰপাতো সৃষ্টি হ'বলৈ লয় । যদিও সময়ৰ অন্তত, উত্তমে স্বপ্নাৰ সম্পৰ্কক লৈ সন্মতি প্ৰকাশ কৰি ৰাজুৰ সৈতে তেওঁক বিয়া পাতি দিবলৈ সন্মতি প্ৰকাশ কৰে ।

সেইমৰ্মে উত্তমে ওচৰৰ দুৰ্গা মন্দিৰত এক অনুষ্ঠানৰ আয়োজন কৰি তেওঁৰ আৰু স্বপ্নাৰ পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত দুয়োৰে বিয়া কৰোৱায় । লগতে দুয়োৰে সুখী জীৱনৰ বাবেও আশীৰ্বাদো। অৱশ্যে খবৰ অনুসৰি পত্নীক আন সৈতে বিয়া হোৱা দেখি উত্তমৰ চকু চকুপানীৰে ভৰি পৰিছিল । অঞ্চলটোত এই বিশেষ বিবাহৰ বাতৰি বিয়পি পৰাৰ লগে লগে বহুলোকেই এই বিবাহ চাবলৈ মন্দিৰত ভিৰ কৰিছিল ।

ইপিনে স্বপ্নাই সন্তান দুটিক নিজৰ লগত ৰাখিবলৈ অস্বীকাৰ কৰাত সম্প্ৰতি দুয়োটা শিশু উত্তমৰ সৈতে আছে ।লক্ষণীয় যে,এই বিবাহৰ খবৰ সকলোতে বিয়পি পৰাৰ লগে লগে বহুতে ইয়াক ১৯৯৯ চনতে সঞ্জয় লীলা ভাঞ্চালীয়ে নিৰ্মাণ কৰা 'হাম দিল দে চুকে চনম'ছবিৰ সৈতে তুলনা কৰিছে ।
Published by: Kokil Sarma
First published: April 29, 2021, 12:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি