নিজকে বাৰ্বি (Barbie)ৰ ধুনীয়া কেন পুতলা(Ken Doll)লৈ ৰূপান্তৰ কৰাৰ বাবে এগৰাকী যুৱকে কৰিলে এই কাণ্ড। যুৱকজনে নিজকে Ken Doll ৰূপত সজাবলৈ এতিয়ালৈকে ব্যয় কৰিছে প্ৰায় ১৪,০০০ ডলাৰৰো অধিক ধন। ইয়াৰ বাবে ২২ বছৰীয়া জিমি ফেডাৰষ্টোনে (Jimmy Featherstone) যোৱা বছৰত লিপ ফিলাৰ, চিক ইমপ্লাণ্ট, আৰু বোটক্স আৰু ভিনাৰ কৰাইছিল।
চাউথ ৱেষ্ট নিউজ চাৰ্ভিচ (South West News Service SWNS)ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ফেডাৰষ্টোনে জনাইছিল কৰিছিল যে তেওঁ কিদৰে নিজকে কেন পুতলাৰ দৰে সজোৱাৰ লক্ষ্য লৈছে, কিয়নো তেওঁৰ মনত অতিকে আকৰ্ষণীয় সেই পুতলাটো।
উত্তৰ-পূব ইংলেণ্ডৰ এখন সৰু চহৰ হালৰ পৰা অহা ফেডাৰষ্টোনে তেওঁৰ বন্ধুৰ এখন বুটিকত পৰিচালক হিচাপে কাম কৰে। ১৬ বছৰ বয়সতে তেওঁ কলেজ এৰিছিল আৰু তেতিয়াৰ পৰা পৰ্যাপ্ত ধন উপাৰ্জন কৰিবলৈ একাধিক চাকৰি কৰি আহিছে। ফেডাৰষ্টোনে তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ধন তেওঁৰ প্ৰসাধন প্ৰক্ৰিয়া আৰু তত্বাৱধানত ব্যয় কৰে। ইতিমধ্যে লিপ ফিলাৰ, চিক ইমপ্লাণ্ট, আৰু বোটক্স আৰু ভিনাৰ কৰাৰ পিছত তেওঁ এতিয়া অনাগত মাহবোৰত নাকটোৰ কাম কৰিব বিচাৰে।
তেওঁ প্ৰতি সপ্তাহত তেওঁৰ চুলি ষ্টাইল কৰে আৰু মাজে সময়ে ওঁঠ আৰু গালৰ ফিলাৰৰ বাবে ৪০০ ডলাৰৰ অধিক ব্যয় কৰে। তেওঁ যে অকল তেওঁৰ প্ৰসাধন অস্ত্ৰোপচাৰৰ ওপৰতে অত্যধিক ব্যয় কৰে তেনে নহয়, এই মাহৰ আৰম্ভণিতে ফেডাৰষ্টোনে তেওঁৰ জন্মদিনত ৩,০০০ ডলাৰ খৰচ কৰি ব্যয়বহুল পাৰ্টী দিছিল। এই বিষয়ে অহংকাৰ কৰি তেওঁ কৈছিল যে এইটো অতি "উৎকৃষ্ট" আৰু "একেবাৰে চমৎকাৰ"। তেওঁ দাবী কৰিছিল যে মানুহে জন্মদিনৰ পাৰ্টীটো বিয়াৰ সৈতে তুলনা কৰিছিল।
আকৰ্ষণীয় বস্তুৰ প্ৰতি তেওঁৰ আগ্ৰহৰ বিষয়ে ফেডাৰষ্টোনে কৈছিল যে মানুহে তেওঁৰ বিষয়ে কথা চৰ্চা কৰাটো বিচাৰে। তেওঁ কৈছিল যে কোনো পাৰ্টী থাকিলে তেওঁ তেওঁৰ মেকআপ শিল্পীসকলক লগত লৈ যায় আৰু এটা লিমো আয়োজন কৰে।
কেন পুতলা সদৃশ যুৱকজন UKৰ এখন আহিবলগীয়া ৰিয়েলিটি টিভি চিৰিজত প্ৰদৰ্শিত হ'ব। ফেডাৰষ্টোনে এই ছেটটোত প্ৰেম বিচাৰি পোৱাৰ আশা কৰিছে। তেওঁৰ প্ৰাক্তন প্ৰেমিকা বয়সত তেখেতৰ দেউতাকতকৈও ডাঙৰ আছিল।
তেওঁ আনকি ইণ্টাৰনেট ট্ৰ'লবোৰো যোগাত্মকভাৱে লয়। ফেডাৰষ্টোনে কৈছিল যে তেওঁ ভাবে যে যদি মানুহে তেওঁৰ বিষয়ে কথা পাতিছে, তেন্তে তেওঁ নিশ্চয় কিবা ভাল কাম কৰিছে। তেওঁ আৰু কৈছিল যে তেওঁ আন লোকৰ বিষয়ে চিন্তা নকৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|