আজিৰ মোবাইল ফোনটো আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ মোবাইল ফোনটো অবিহনেই যেন আমি থাকিব নোৱাৰো৷ মোবাইলতেই পাও সকলো তথ্য, মোবাইলৰ লকটো খোলাৰ লগে লগেই যেন আমি দেখিবলৈ পাও পৃথিৱীখনক৷ কিন্তু যেতিয়াই মোবাইল ফোনটোৱে আমাৰ প্ৰাণ ল’ব বিচাৰে, তেতিয়া ই এক ডাঙৰ বিষয় হৈ পৰে৷
এনেধৰণৰ এক ভয়ংকৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে৷ য’ত এগৰাকী লোকে পত্নীৰ সৈতে ৰাস্তাৰে খোজ কাঢ়ি গৈ থকা অৱস্থাতে হঠাৎ তেওঁৰ বেগত থকা মোবাইল ফোনটো বিস্ফোৰিত হয়৷ আৰু ভয়ংকৰ ধৰণে বিস্ফোৰণৰ জুই বেগটোৰ বাহিৰলৈ ওলাই আহিবলৈ লয় ৷ লোকজনে তৎক্ষণাৎ বেগটো মাটিত পেলাই দিয়ে আৰু সেই স্থানৰ পৰা আঁতৰি আহে৷
South China Morning Postয়ে শ্বেয়াৰ কৰা এই ভয়ংকৰ ভিডিঅ’টো চীনৰ বুলি জানিব পৰা গৈছে৷ ভিডিঅ’টো দেখিবলৈ পোৱা গৈছে কিদৰে লোকজনে পত্নীৰ সৈতে ৰাস্তাৰে খোজ কাঢ়ি গৈ থকা অৱস্থাতে হঠাৎ তেওঁৰ বেগত থকা মোবাইল ফোনটো বিস্ফোৰিত হৈছিল৷ কিদৰে নিমিষতে বেগটোত জুই লাগিছিল৷
খবৰ অনুসৰি, এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত লোকজনৰ হাত, চুলি জ্বলিছিল৷ যদিও কথমপি প্ৰাণ ৰক্ষা পৰিছিল তেওঁলোকৰ৷
This is the shocking moment a phone catches fire inside a man’s bag in China. pic.twitter.com/4C5zz8Ov6t
— South China Morning Post (@SCMPNews) April 20, 2021
জানিব পৰা মতে, লোকজনৰ বিস্ফোৰিত ফোনটো ছেমচাঙৰ আছিল, যিটো তেওঁ ২০১৬তে ক্ৰয় কৰিছিল৷ বিস্ফোৰিত হোৱাৰ সময়ত ফোনটোত চাৰ্জ নথকাৰ লগতে চাৰ্জিঙত লগাই থকা অৱস্থাতো নাছিল৷ লোকজনে পিছত জনাইছিল ফোনটোৰ বেটাৰীটো বহু সময় ধৰি চাৰ্জিঙৰ সমস্যাৰ সৃষ্টি কৰি আহিছে৷ ইপিনে এই ঘটনাৰ পিছতে ছেমচাং কোম্পানীয়ে ইয়াৰ তদন্তৰ কথা ঘোষণা কৰিছে৷
- First Published :