এগৰাকী দুগৰাকী নহয়, আঠগৰাকী পত্নী আছে তেওঁৰ! শুনিবলৈ আচৰিত লাগিলেও এয়াই সত্য। থাইলেণ্ডৰ যুৱকজনে এতিয়া আঠগৰাকীকৈ পত্নীৰ লগত কৰিছে সুখৰ সংসাৰ।
শুনিবলৈ পোৱা যায় যে, আগৰ দিনৰ ৰজা-মহাৰজাৰ এনেকৈ বহু সংখ্যক পত্নী থাকে। কিন্তু আজিকালি এয়া একেবাৰেই দুৰ্লভ। কিন্তু থাইলেণ্ডৰ এই যুৱকজনৰ আছে আঠগৰাকীকৈ পত্নী। যি বৰ্তমান সৰ্বত্ৰ চৰ্চিত।
এই ফটো ভাইৰেল হোৱাৰ পিছতে নেটিজেনে প্ৰশ্ন কৰিছে যে, এগৰাকী পত্নীৰ সৈতে থকাই কঠিন হৈ পৰিছে, সেইসময়ত আপোনাৰ এক-দুই নহয় একেবাৰে আঠগৰাকী! ভাবিবই নোৱাৰি!
লোকজনৰ নাম ওং ডাম চোৰাট। পেছাত এগৰাকী ট্যাটু শিল্পী। চোৰাটৰ দাবী- আঠগৰাকীকৈ পত্নীৰে তেওঁ সুখেৰে আছে। চোৰাটে লগতে কৈছে যে, তেওঁ প্ৰতিগৰাকী পত্নীৰে ভালদৰে যতন লয়। আৰু পত্নীসকলৰ মাজতো বহু মিলাপ্ৰীতি। সংসাৰত নাই কোনো অশান্তি।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 31, 2022, 17:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।