বিমানবন্দৰ, মেট্ৰ’ ষ্টেচন আজি স্থানত সামগ্ৰী চেকিং কৰাৰ বাবে ৰখা ‘লাগেজ স্ক্ৰীণিং মেচিন’ আপুনি নিশ্চয় দেখিছে। এই মেচিনৰ সহায়ত বেগ–ছ্যুটকেছৰ ভিতৰত ৰখা সামগ্ৰীৰ পৰীক্ষা কৰা হয়। কিন্তু এজন লোকে এই স্ক্ৰীণিং মেচিনত এনেকুৱা কাম কৰিলে, যি দেখি আচৰিত সকলো।
আচলতে লোকজনে বিমানবন্দৰত থকা লাগেজ স্ক্ৰীণিং মেচিনত বেগৰ সৈতে নিজেও সোমাই যায়। এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দৃশ্য দেখিলে হাঁহি উঠিব আপোনাৰো।
ভাইৰেল হোৱা ভিডিঅ’ত লোকজনে কিদৰে বিমানবন্দৰত থকা লাগেজ স্ক্ৰীণিং মেচিনত সোমাই গৈছে সেয়া দেখা গৈছে। তেওঁক এফালেৰে সোমাই আনফালে বেগৰ সৈতে ওলাই যোৱা দেখা গৈছে। লোকজনৰ কৰ্মকাণ্ড দেখি আচৰিত হৈ পৰে নিৰাপত্তাৰক্ষী।
ভিডিঅ’টো চাই এনেকুৱা লাগিছে যে লোকজনে হয়তো নাজানে যে স্ক্ৰীণিং মেচিন কেৱল সামগ্ৰীহে পৰীক্ষা কৰা হয়, নাইবা তেওঁ প্ৰেংক কৰিছিল। স্ক্ৰীণিং মেচিন সামগ্ৰী পৰীক্ষাৰ বাবে থাকে, মানুহৰ বাবে পৃথক ছিকিউৰিটী মেচিন থাকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|