
যাক মৃতদেহ ভাবি সতৰ্কতা জাৰি কৰা হৈছিল, পিছত প্ৰমাণিত হ'ল, সেইটো এটা চেক্স ড'ল।
যাক মৃতদেহ ভাবি সতৰ্কতা জাৰি কৰা হৈছিল, পিছত প্ৰমাণিত হ'ল, সেইটো এটা চেক্স ড'ল।
আজৱ কাৰণত বিব্ৰত হ'ল মলেছিয়াৰ আৰক্ষী। যাক মৃতদেহ ভাবি সতৰ্কতা জাৰি কৰা হৈছিল, পিছত প্ৰমাণিত হ'ল, সেইটো এটা চেক্স ড'ল।
সেয়া প্ৰথমে চকুত পৰে চাফাই বিভাগৰ কৰ্মীৰ। কাম কৰি থকাৰ সময়ত কৰ্মীসকলে প্লাষ্টিক আৰু কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত দেখা পাইছিল চেক্স ড'লটোক। কাষতে আছিল এখন চাইকেল দোকান। লগে লগে সন্দেহ হয় সেইটো মৃতদেহ বুলি। খবৰ দিয়ে আৰক্ষীক। পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰু ঘেৰাও কৰে সম্পূৰ্ণ এলেকা।
জনা গৈছে যে, এই ড'লটো পৰি আছিল ডাষ্টবিনৰ ভিতৰত। ভালকৈ মেৰিয়াই থোৱা আছিল। খবৰ বিঁয়পি পৰাৰ পিছতে উক্ত স্থানত ভিৰ কৰে স্থানীয় লোকে। উপস্থিত হয় ফৰেনছিক বিশেষজ্ঞৰ দলো। প্লাষ্টিকৰ আৱৰণৰ পৰা বডীটো মুকলি কৰা হয়। আৰু তাৰ পিছতে সকলো হৈ পৰে হতভম্ব। আচলতে সেইটো এটা চেক্স ড'লহে। আৰু উপস্থিত জনতাই অপদস্থ কৰে আৰক্ষীকে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|