ঘৰৰ পৰা কাপোৰ-কানি ভালকৈ পিন্ধি ওলাব লাগে... প্ৰাতঃভ্ৰমণলৈ ওলোৱা মালাইকা অৰোৰাৰ এই ফটোক লৈ ট্ৰ'ল

News18 Assam | News18-Assam
Updated:January 12, 2021, 4:37 PM IST
ঘৰৰ পৰা কাপোৰ-কানি ভালকৈ পিন্ধি ওলাব লাগে... প্ৰাতঃভ্ৰমণলৈ ওলোৱা মালাইকা অৰোৰাৰ এই ফটোক লৈ ট্ৰ'ল
ছচিয়েল মিডিয়াত মালাইকাৰ এই ফটো খুব ট্ৰ’ল হৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই মালাইকাই।

ছচিয়েল মিডিয়াত মালাইকাৰ এই ফটো খুব ট্ৰ’ল হৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই মালাইকাই।

  • Share this:
মালাইকা আৰোৰা। বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী, ডান্সাৰ। একেলগে কোৱা হয় ফিটনেছ গুৰু। কিন্তু মালাইকাৰ জীৱন বিতৰ্কৰে ভৰপূৰ। সকলো সময়তে কিবা নহয় কিবা বিষয়ক লৈ ট্ৰ’লৰ মুখত পৰে মালাইকা। ব্যক্তিগত জীৱনক লৈও মানুহৰ উৎসাহ কম নহয়। ছলমান খানৰ ভাতৃ আৰবাজ খানৰ পত্নী আছিল মালাইকা। এতিয়া জীৱনলৈ আহিছে অৰ্জুন কাপুৰ।

মালইকা আৰু অৰ্জুনৰ প্ৰেম হৈছিল জিমত। সেই সময়ত তেওঁ আৰবাজৰ পত্নী। বয়সত অৰ্জুন মালাইকাতকৈ ১৫ বছৰ সৰু। মালাইকাৰ এটি পুত্ৰ সন্তানো আছে। ডিভোৰ্চৰ পিছত অৰ্জুনৰ সৈতে আছে মালাইকা। ইয়াক লৈ একাধিক কটুক্তিৰ মুখামুখি হ’বলগীয়া হৈছে তাৰকা যুটী। কিন্তু ট্ৰ’লক একেবাৰে গুৰুত্ব নিদিয়ে মালাইকা আৰু অৰ্জুনে।

সম্প্ৰতি পুনৰ ট্ৰ’ল হৈছে মালাইকা। পোহনীয়া কুকুৰটো লৈ প্ৰাতঃভ্ৰমণলৈ ওলাইছিল অভিনেত্ৰীগৰাকী। প্ৰতিদিনৰ দৰে সেইদিনাও জিমৰ পোছাক পিন্ধি ওলাইছিল মালাইকা। কিন্তু নিজৰ পোছাকক লৈ অস্বস্তিত পৰিবলগীয়া হ’ল মালাইকা।










View this post on Instagram






A post shared by Instant Bollywood (@instantbollywood)




ছচিয়েল মিডিয়াত মালাইকাৰ এই ফটো খুব ট্ৰ’ল হৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই মালাইকাই।
Published by: Sanjay Kumar Das
First published: January 12, 2021, 4:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading