உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • মালাইকা অৰোৰাই শ্বেয়াৰ কৰা উত্তেজক ফটোক লৈ অভব্য মন্তব্যৰ মিছিল

    মালাইকা অৰোৰাই শ্বেয়াৰ কৰা উত্তেজক ফটোক লৈ অভব্য মন্তব্যৰ মিছিল

    সাগৰৰ মাজত ‘টপলেছ’ হৈ ফটো তুলি মালাইকা অৰোৰাই দিলে ছচিয়েল মিডিয়াত। 

    সাগৰৰ মাজত ‘টপলেছ’ হৈ ফটো তুলি মালাইকা অৰোৰাই দিলে ছচিয়েল মিডিয়াত। 

    সাগৰৰ মাজত ‘টপলেছ’ হৈ ফটো তুলি মালাইকা অৰোৰাই দিলে ছচিয়েল মিডিয়াত। 

    • News18
    • Last Updated :
    • Share this:
      কেতিয়াবা যদি অৰ্জুন কাপুৰক লৈ সম্পৰ্ক আৰু কেতিয়াবা ফটোশ্বুট, মালাইকা অৰোৰাক লৈ ছচিয়েল মিডিয়াত মানুহৰ চৰ্চাৰ অন্ত নাই। শেহতীয়াকৈ ইনষ্টাগ্ৰামত মালাইকাই শ্বেয়াৰ কৰিলে এখন অতি ‘বল্ড’ ফটো। এই ফটোত মালাইকাই সাগৰৰ মাজত ‘টপলেছ’ হৈ থকা দেখা গৈছে। পিছফালৰ পৰা লোৱা এই ফটোখনত মালাইকাক অতি উত্তেজক ৰূপত দেখা গৈছে। এফালে মালাইকাৰ এই ৰূপে বহুকেইগৰাকী চেলিব্ৰেটিৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে মালাইকাক ট্ৰ’ল কৰিবলৈ খাপ পিটি থকা একাংশই যেন লাভ কৰিলে আন এটা অজুহাত। মালাইকাক লৈ অতি অভব্য মন্তব্য কৰা দেখা গ’ল একাংশক।



       




      View this post on Instagram




       

      #Repost @farrokhchothia with @get_repost ・・・ With the eternal Malaika, #archives


      A post shared by Malaika Arora (@malaikaaroraofficial) on






      দৰাচলতে এই ফটোখন ১৮বছৰ পুৰণি। এজন ফটোগ্ৰাফাৰে শ্বেয়াৰ কৰাৰ পিছতে মালাইকাই ফটোখন ৰিপোষ্ট কৰিছিল। ক’লা–বগা ছবিখনত মালাইকাক দেখি গম পোৱা যায় ১৮বছৰ পূৰ্বে তেওঁ কিমান আকৰ্ষণীয় আছিল। আজিও প্ৰায় একেধৰণে থকা মালাইকাক লৈ সেইকাৰণে হয়তো ধৰিব নোৱাৰিলে ট্ৰ’ল সন্থাই। ছবিখনত মালাইকাই চুলিত মাৰিছে এপাহ ফুল।

      মালাইকাৰ ছবিখনত অভিনেত্ৰী ইলিয়ানা ডিক্ৰুজ আৰু জাৰিণ খানে ভালকৈ কমপ্লিমেণ্টছ দিছে। অভিনেতা অৰ্জুন ৰামপালৰ প্ৰেমিকা গ্ৰেবিয়ালাইও প্ৰশংসা কৰিছে মালাইকাক। কিন্তু ছচিয়েল মিডিয়াত ট্ৰ’ল দিবলৈ ৰৈ থকা লোকসকলে অতি অশালীন মন্তব্যৰে তেওঁক আক্ৰমণ কৰে। কোনোবাই আণ্টি বুলি কয় আন কোনোবাই বয়সৰ মতে চলিবলৈ উপদেশ দিয়ে। উল্লেখযোগ্য যে ইয়াৰ আগতেও মালাইকাক বহুতেই বেয়া মন্তব্য কৰি আহিছে কিন্তু তেওঁ এধানিমানো গুৰুত্ব নিদি নিজৰ জীৱন সুন্দৰকৈ সাহসেৰে আগুৱাই নিছে।

      এনে ধৰণৰ মন্তব্য আহেঃ

      First published: