ঘৰত বহিয়েই ৮ হাজাৰ টকাৰে আৰম্ভ কৰক এই ব্যৱসায়, প্ৰতি মাহে উপাৰ্জন কৰক ১ লাখতকৈয়ো অধিক

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:51 PM IST
ঘৰত বহিয়েই ৮ হাজাৰ টকাৰে আৰম্ভ কৰক এই ব্যৱসায়, প্ৰতি মাহে উপাৰ্জন কৰক ১ লাখতকৈয়ো অধিক
আপুনি ঘৰত বহিয়েই ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু এক বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে, যাৰ বাবে  আপোনাক কোনো প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই।

আপুনি ঘৰত বহিয়েই ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু এক বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে, যাৰ বাবে  আপোনাক কোনো প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই।

  • Share this:
কোৰোণাৰ ত্ৰাসৰ বাবে কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছিল দেশৰ বহু শিক্ষিত যুৱক-যুৱতীয়ে। কৰ্মসংস্থাপন হেৰুৱাই সেইসময়ত একাংশই যদি নিজৰ ব্যৱসায় আৰম্ভ কৰি লৈছিল আন একাংশই আকৌ ঘৰতে বহি ভাল সময়লৈ অপেক্ষা কৰিছিল। যদিহে আপুনিও সেই অপেক্ষা কৰাসকলৰ ভিতৰত এজন, তেন্তে জানি লওক যে কোনো কাম সৰু বা ডাঙৰ নহয়। আপুনি ঘৰত বহিয়েই ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু এক বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে, যাৰ বাবে  আপোনাক কোনো প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই বা অধিক বিনিয়োগৰো প্ৰয়োজন নাই। আপুনি যিকোনো সময়তে ইয়াক আপোনাৰ ঘৰৰ পৰা আৰম্ভ কৰিব পাৰে আৰু এই ব্যৱসায়টোৱেই হৈছে টিফিন সেৱা। গতিকে এই ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বেই জানি লওক এইসমূহ কথা।

আজিৰ দিনত দিল্লী-এনচিআৰৰ দৰে মেট্ৰো চহৰসমূহত য'ত ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে অধিকাংশ লোকেই টিফিনৰ প্ৰয়োজনীয়তা অনুভৱ কৰে আৰু বেছিভাগ লোকেই টিফিন সেৱাৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ ভিতৰত আছে যুৱচাম, অবিবাহিত লোকসকল আৰু চাকৰিয়াল মহিলাসকল। ইয়াৰ বেছিভাগেই কাম বা অধ্যয়নৰ বাবে তেওঁলোকৰ ঘৰৰ পৰা আঁতৰত থাকে। য'ত প্ৰায়ে তেওঁলোকৰ খাদ্য খোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। যাৰ বাবে কম খৰচ ঘৰৰ দৰে খাদ্য কেনেকৈ লাভ কৰিব পাৰি তাক লৈ চিন্তিত হৈ পৰে। তেনেস্থলত আপুনি এইলোকসকলপ চাহিদা পূৰণ কৰি এটা টিফিন সেৱাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। যিহেতু এই ব্যৱসায় ইজনৰ পৰা শুনি আনজন আপোনাৰ গ্ৰাহক হৈ পৰাৰ সম্ভাৱনা থাকে, যিয়ে আপোনাক অধিক লাভান্বিত হোৱাত সহায় কৰিব।

এই কাম আৰম্ভ কৰিবলৈ আপুনি কোনো প্ৰমাণপত্ৰ লোৱাৰ প্ৰয়োজন নাই। কিয়নো আপুনি ইয়াক আপোনাৰ ঘৰৰ পাকঘৰৰ পৰা আৰম্ভ কৰিব পাৰে। টিফিন সেৱা ব্যৱসায় আৰম্ভ কৰিবলৈ মাত্ৰ ৮ৰ পৰা ১০ হাজাৰ টকা ব্যয় কৰিব লাগিব আৰু কেইমাহমানৰ পিছতে আপুনি লাভান্বিত হ'ব। টিফিন সেৱা ব্যৱসায় কৰা দিল্লীৰ বাসিন্দা নিমিষা জৈনে কয়, "যদি আপোনাৰ খাদ্যৰ মান ভাল হয় আৰু গ্ৰাহকৰ বাবে মুখৰোচক হয়, আপুনি অতি সোনকালে মাহত ১-২ লাখ টকা লৈকে উপাৰ্জন কৰিব পাৰিব।" নিমিষাই মাত্ৰ ৮ হাজাৰ টকাৰে লকডাউনত এই টিফিন ব্যৱসায় আৰম্ভ কৰিছিল আৰু আজি লাখ লাখ টকা উপাৰ্জন লাভ কৰিবলৈ সক্ষম হৈছে।

এই ব্যৱসায়ৰ বাবে আপুনি বিশেষকৈ খাদ্যৰ মানৰ ওপৰত গুৰুত্ব দিব লাগিব। সামাজিক মাধ্যমৰ জৰিয়তে আপুনি এই টিফিন সেৱাৰ সহজে বজাৰ কৰিব পাৰি। ফেচবুক আৰু ইনষ্টাগ্ৰামত পেজ খুলি ল'ব পাৰে কিয়নো ইয়াৰ পৰা যথেষ্ট ভাল সঁহাৰি পোৱা যায়।

ইপিনে, লকডাউনৰ সময়ত এই ব্যৱসায় আৰম্ভ কৰা নিমিষাই উল্লেখ কৰে যে, কোনো কামেই সৰু বা ডাঙৰ নহয়। আজি এই কামে মোক এক পৰিচয় প্ৰদান কৰিছে। কেতিয়াবা আমি সঠিক সময়ৰ বাবে অপেক্ষা কৰো আৰু সময় হাতৰ পৰা ওলাই যায়। একে সময়তে, যিকোনো কাম আৰম্ভ কৰাৰ পিছত কামটোক সময় দিয়া অতিকে প্ৰয়োজন। টিফিন সেৱা ব্যৱসায়ত লাভ কেতিয়াবা ব্যৱসায় আৰম্ভ কৰাৰ পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হয়, আকৌ  কেতিয়াবা ছয় মাহৰ বাবেও কোনো লাভ নহ'ব পাৰে। তাৰ বাবে আপুনি কামটো এৰি দিয়া উচিত নহয়। যেতিয়া মই জয়কা টিফিনৰ কাম আৰম্ভ কৰিছিলো, মোৰ বেছি লাভ হোৱা নাছিল কিন্তু প্ৰায় ছয় মাহ পিছত লাভ হ'বলৈ আৰম্ভ হৈছে।
Published by: Sanjay Kumar Das
First published: March 12, 2021, 10:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি