দুবাৰকৈ গৰ্ভপাতৰ পৰা অসহ্যকৰ দাম্পত্য জীৱনলৈ, নিজৰ অকথিত কাহিনী খুলি ক’লে মহিমা চৌধুৰীয়ে!

সম্প্ৰতি এক সাক্ষাৎকাৰত মহিলাই ক’লে তেওঁৰ কেতবোৰ দুখলগা স্মৃতি।
সম্প্ৰতি এক সাক্ষাৎকাৰত মহিলাই ক’লে তেওঁৰ কেতবোৰ দুখলগা স্মৃতি।
- News18 Assam
- Last Updated: April 8, 2021, 4:36 PM IST
সম্প্ৰতি এক সাক্ষাৎকাৰত মহিমাই ক’লে তেওঁৰ কেতবোৰ দুখলগা স্মৃতি। বন্ধু হওক বা আত্মীয়–স্বজন, কাকোৱে মন খুলি নিজৰ সমস্যাৰ কথা খুলি ক’ব পৰা নাছিল অভিনেত্ৰীগৰাকীয়ে। কাৰণ কাৰো সৈতে সমস্যা শ্বেয়াৰ কৰাৰ পূৰ্বে তেওঁ ভাবিছিল যে এয়া সামান্য সমস্যা, হয়তু আঁতৰি যাব। এইদৰেই এটাৰ আনটো সমস্যা আহি পৰিছিল জীৱনলৈ। প্ৰথমে এটি কন্যা সন্তানৰ পিছত আৰু এটি সন্তান বিচাৰিছিল মহিমাই। কিন্তু দুবাৰকৈ গৰ্ভধাৰণ কৰাৰ পিছতো গৰ্ভপাত হৈছিল। সেয়া অভিনেত্ৰীগৰাকীৰ বাবে আছিল এক ডাঙৰ মানসিক চিন্তা। য’তেই থাকে তাতেই সুখৰ অভাৱ আছিল বুলি ধাৰণা কৰিছিল মহিমাই।
স্মৃতি ৰোমন্থন কৰি মহিমাই কয়, যেতিয়াই কোনো অনুষ্ঠান বা শ্বুটিং কৰিবলৈ বাহিৰলৈ গৈছিল, কন্যা আৰিয়ানাক মাতৃৰ কাষত থৈ যাবলগীয়া হৈছিল। এবাৰ নিজেই কন্যাৰ সৈতে মাতৃৰ কাষত দুদিন থাকি যায়। মহিমাৰ অনুভৱ হৈছিল, এয়াই শান্তিৰ ঠাই। আৰু তেতিয়াই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত সম্ভৱত মনলৈ আহিছিল।
মহিমা আজিও কৃতজ্ঞ প্ৰযোজক অজয় দেৱগনৰ ওচৰত। মহিমাক চিকিৎসকক দেখুওৱাৰ পৰা তেওঁৰ শুশ্ৰুষাৰ দায়িত্ব লৈছিল অজয়ে।