• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • MS Dhoni Second Child : আকৌ দেউতাক হ'বলৈ ওলাইছে ধোনী? সামাজিক মাধ্যমত চলিছে চৰ্চা

MS Dhoni Second Child : আকৌ দেউতাক হ'বলৈ ওলাইছে ধোনী? সামাজিক মাধ্যমত চলিছে চৰ্চা

M S Dhoni Second Child : সামাজিক মাধ্যমত চৰ্চা চলিছে যে, আগন্তুক বছৰত ধোনীৰ পত্নী সাক্ষীৰ কোলালৈ আহিব নতুন আলহী। কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে এম এছ বা সাক্ষীয়ে কোনো ধৰণৰ বিবৃতি দিয়া নাই।

  • Share this:
চেন্নাই চুপাৰ কিংছে চতুৰ্থবাৰৰ বাবে জয় কৰিলে আইপিএলৰ খিতাপ। পুনৰ যেন ধোনীৰ বাবে আহিছে অন্য এক সুখবৰ! শুনিবলৈ পোৱা গৈছে যে, দ্বিতীয়বাৰৰ বাবে দেউতাক হ'বলৈ ওলাইছে মহেন্দ্ৰ সিং ধোনী। সামাজিক মাধ্যমত চৰ্চা চলিছে যে, আগন্তুক বছৰত ধোনীৰ পত্নী সাক্ষীৰ কোলালৈ আহিব নতুন আলহী। কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে এম এছ বা সাক্ষীয়ে কোনো ধৰণৰ বিবৃতি দিয়া নাই।

কিন্তু ইয়াতে ছচিয়েল মিডিয়াত চৰ্চা শেষ হোৱা নাই। একাধিক টুইটাৰ হেণ্ডলৰ পৰা এই সন্দৰ্ভত দাবী কৰা হৈছে যে, প্ৰিয়ংকা ৰাইনাই নিশ্চিত কৰিছে যে, আগন্তুক বছৰত দ্বিতীয় বাৰৰ বাবে মাক হ'ব সাক্ষী। চেন্নাই চুপাৰ কিংছৰ ক্ৰিকেটাৰসকলৰ পত্নী বা বান্ধৱীসকল আইপিএল টুৰ্ণামেণ্ট চাবলৈ সংযুক্ত আৰবৱৈ গৈছিল।

চেন্নাই চুপাৰ কিংছৰ প্ৰতিখন মেচতে দৰ্শকৰ আসনত উপস্থিত আছিল কন্যা জিভাৰ লগতে সাক্ষী। কলকাতা নাইট ৰাইডৰ্ছৰ পৰাস্ত কৰি ফাইনেল জিকাৰ পিছত ধোনীক সাৱটি ধৰিছিল সাক্ষী আৰু জিভাই। এই ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

সাক্ষীক ২০১০ চনত বিয়া কৰাইছিল ধোনীয়ে। কন্যা জিভাৰ জন্ম বিবাহৰ পাঁচ বছৰ পিছত হৈছিল।
Published by:Himangshu Bhuyan
First published: