মহা শিৱৰাত্ৰিত মনোকামনা পূৰণৰ বাবে এনেদৰে কৰক মহাদেৱৰ আৰাধনা

News18 Assam | News18-Assam
Updated:March 11, 2021, 1:35 PM IST
মহা শিৱৰাত্ৰিত মনোকামনা পূৰণৰ বাবে এনেদৰে কৰক মহাদেৱৰ আৰাধনা
প্ৰচলিত আছে যে যদি এই বিধিৰে পূজা কৰা হয় তেন্তে আপোনাৰ মনোবাঞ্চা পূৰণ হ'ব।

প্ৰচলিত আছে যে যদি এই বিধিৰে পূজা কৰা হয় তেন্তে আপোনাৰ মনোবাঞ্চা পূৰণ হ'ব।

  • Share this:
আজি মহা শিৱৰাত্ৰি। দেৱাদিদেৱ মহাদেৱৰ বন্দনাত মুখৰ ৰাজ্য। আজি মহাশিৱৰাত্ৰি এই ক্ষণত এনেদৰে কৰক শিৱৰ আৰাধনা আৰু লাভ কৰক শিৱৰ আশীৰ্বাদ।

মহাশিৱৰাত্ৰি অৰ্থাৎ সদাশিৱৰ বাবে এটা দিন। এই দিনটো নীতি–নিয়মেৰে শিৱৰ পূজা কৰিলে আপোনাৰ সকলো মনোকামনা পূৰণ হ'ব। সেয়েহে জানো আহক আজিৰ দিনটোত কেনেদৰে বিধি অনুসৰি কৰিব ভোলানাথৰ পূজা।

মহা শিৱৰাত্ৰিৰ ব্ৰহ্মা পুৱাই সকলো কাম সমাপন কৰি ব্ৰতৰ সংকল্প লওক। ইয়াৰ পিছতে গোটেই দিনটো ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। যেতিয়া পূজা কৰিবলৈ যাব সেইসময়ত ধ্যান ৰাখিব যাতে যি  আসনত বহি আপুনি পূজা কৰিব সেই আসনখন বিশুদ্ধ হ'ব লাগিব। ইয়াৰ পিছত আসনত বহি পানীৰে নিজে শুদ্ধ হৈ লওক। ধূপ আৰু চাকি জ্বলাই পূজা আৰম্ভ কৰক।

ভোলানাথৰ সন্মুখত চাকি জ্বলাই থোৱাৰ পিছতে স্বস্তি পাঠ কৰক। ইয়াত "স্বস্তি ন ইন্দ্ৰো বৃদ্ধশ্ৰৱা, স্বস্তি ন স্তাৰক্ষো অৰিষ্টনমি স্বস্তি নও বৃহস্পতি দ্ৰেধাতু" পাঠ কৰক। সদাশিৱৰ ওচৰত আপোনাৰ পূজা গ্ৰহণ ল'বলৈ প্ৰাৰ্থনা কৰক। যদি আপোনাৰ দ্বাৰা কোনো ত্ৰুটি  হৈ যায়, সেয়া যাতে দোষ নধৰে তাৰ বাবেও প্ৰাৰ্থনা কৰক।

স্বস্তি পাঠৰ পিছতে পূজাৰ সংকল্প লৈ গণেশ আৰু মা পাৰ্বতীৰ পূজা কৰক। ইয়াৰ পিছতে নন্দীশ্বৰ,বীৰভদ্ৰ,কাৰ্তিক আৰু সৰ্পৰ পূজা কৰক। কিন্তু ধ্যান ৰাখিব যাতে মহিলাসকলে কাৰ্তিকৰ পূজা নকৰে। লগতে ধ্যান ৰাখিব ভোলানাথে ৫, ১১, ২১ অথবা ৫১টা যিমান পাৰে বেলপত্ৰৰে পূজা কৰক।

মহা শিৱৰাত্ৰিৰ পূজাত ভোলানাথক পঞ্চামৃত গাখীৰ, দৈ, ঘি, মৌ আৰু চেনীৰ মিশ্ৰণেৰে স্নান কৰাওক। পিচত সুগন্ধি আৰু বিশুদ্ধ পানীৰে স্নান কৰাওক। ভোলানাথক বস্ত্ৰ অৰ্পণ কৰক। লগতে চাউল, ফুলৰ মালা, বেলপাত, ধতুৰা আৰু ভাং অৰ্পণ কৰক। ভোলানাথৰ শিৱ লিংগৰ ওপৰত বেলেগ বেলেগ ধৰণৰ বতৰৰ ফল আৰু দক্ষিণা অৰ্পণ কৰক। এখন প্লেটত ধূপৰ লগতে কৰ্পূৰ জ্বলাই সদা শিৱৰ আৰতি কৰক। পূজাৰ অন্তত নিজৰ মনোকামনা সিদ্ধিৰ বাবে প্ৰাৰ্থনা কৰক আৰু অৱশেষত ক্ষমা প্ৰাৰ্থনা নিশ্চয়কৈ কৰক। প্ৰচলিত আছে যে যদি এই বিধিৰে পূজা কৰা হয় তেন্তে আপোনাৰ মনোবাঞ্চা পূৰণ হ'ব।



- Pinki
Published by: Sanjay Kumar Das
First published: March 11, 2021, 1:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি