Mahashivratri 2022: মহাশিৱৰাত্ৰিৰ পূজাত ভুলতো নকৰিব এই তিনিটা ভুল
Mahashivratri 2022: মহাশিৱৰাত্ৰিৰ পূজাত ভুলতো নকৰিব এই তিনিটা ভুল
মঙলবাৰে পালন কৰা হ'ব মহাশিৱৰাত্ৰি (Mahashivratri 2022)। পূজা কৰা হ'ব দেৱাদিদেৱ মহাদেৱক। ভক্তসকলো তেওঁলোকৰ প্ৰিয় প্ৰভূ ভোলানাথৰ পৰা আশীৰ্বাদ লাভৰ বাবে কৰিব পূজা-অৰ্চনা। কিন্তু শিৱ (Lord Shiva) পূজাৰ দিনা আশুতোষৰ পূজা কৰা সময়ত পালন কৰিব লাগে কেতবোৰ বিশেষ নিয়ম, তেতিয়াহে কৃপা লাভ কৰিব পাৰে ভগৱান শিৱৰ। মনত ৰাখইব লাগে যাতে মহাশিৱৰাত্ৰিৰ দিনা কোনো কাৰণতে ৰুষ্ট নহয় মহাদেৱ। সেয়ে শিৱ পূজাৰ সময়ত ভুলতো নকৰিব এই তিনিটা ভুল। অন্যথা বিফলে যাব আপোনাৰ আৰাধনা।
শিৱলিংগত ভুলতো নিদিব তুলসী পাত
শাস্ত্ৰ অনুসৰি ভগৱান শিৱক তুলসীৰে পূজা কৰা নহয়। কিন্তু প্ৰায় দেখা যায় যে শিৱ পূজাৰ সময়ত ঘৰত থকা তুলসী গছৰ পৰা তুলসী পাত ছিঙি আনি পূজা কৰা হয়। কিন্তু এইটো মনত ৰখা ভাল যে ভগৱান শিৱ আৰু গণেশ দেৱতাক তুলসীৰে পূজা কৰা নহয়।
নাৰিকল অৰ্পণ নকৰিব
ভগৱান শিৱৰ পূজাত নাৰিকল বা নাৰিকলৰ পানী আবঢ়োৱা নহয়। নাৰিকল মা ক্ষ্মীৰ প্ৰতীক আৰু লক্ষ্মীদেৱী হৈছে বিষ্ঞুৰ ভাৰ্যা। সেয়ে প্ৰভূ শিৱক নাৰিকল অৰ্পণ কৰা নহয়।
শিৱ পূজাত কেতেকী ফুল বৰ্জিত
শিৱ পুৰাণ অনুসৰি শিৱক কেতেকী ফুলেৰে পূজা কৰাটো বৰ্জিত। শিৱলিংগতো কেতেকী ফুল অৰ্পণ কৰিব নালাগে। অন্য শ্বেতপুষ্প অৰ্পণ কৰিব পাৰে।
(Disclaimer: এই প্ৰবন্ধৰ তথ্য আৰু পৰামৰ্শ সাধাৰণ বিশ্বাসৰ ওপৰত আধাৰিত। NEWS18 অসম নৰ্থ-ইষ্টে ইয়াৰ সত্যতা নিশ্চিত নকৰে। এইবোৰ নিজে প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি লোৱাটো বাঞ্চনীয়।)
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|