মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»মহা অষ্টমীৰ ৰাশিফলঃ এইসকলে নতুন কামত ১০০ শতাংশ সফলতা লাভ কৰিব, আহিব সুখ-শান্তি...

মহা অষ্টমীৰ ৰাশিফলঃ এইসকলে নতুন কামত ১০০ শতাংশ সফলতা লাভ কৰিব, আহিব সুখ-শান্তি...

News18 Assam | News18-Assam
Updated:October 13, 2021, 8:26 AM IST
মহা অষ্টমীৰ ৰাশিফলঃ এইসকলে নতুন কামত ১০০ শতাংশ সফলতা লাভ কৰিব, আহিব সুখ-শান্তি...
আজি মহা অষ্টমী। দুৰ্গা দেৱীৰ বন্দনাত মুখৰিত ৰাজ্য।

আজি মহা অষ্টমী। দুৰ্গা দেৱীৰ বন্দনাত মুখৰিত ৰাজ্য।

  • Share this:
আজি মহা অষ্টমী। দুৰ্গা দেৱীৰ বন্দনাত মুখৰিত ৰাজ্য। পিছে আজিৰ দিনটোৰ ৰাশিফল জানেনে? কিদৰে পাৰ হ'ব মহা অষ্টমীৰ দিনটো?

  • মেঘ ৰাশিঃ আজি নতুন কামত লাভ কৰিব সফলতা। যদি কোনো কামত লাগি আছিল, আজি সেই কামে পূৰ্ণতা লাভ কৰিব পাৰে।


  • বৃষ ৰাশিঃ বেপাৰ-বাণিজ্যত সফলতা লাভ কৰাৰ সম্ভাৱনা। কাৰ্যক্ষেত্ৰত লাভ কৰিব সন্মান। কষ্ট কৰিলে হাতলৈ ধন অহাৰ সম্ভাৱনা।

  • মিথুন ৰাশিঃ আজি দিনটো উত্থান পতনৰ মাজতে পাৰ হ'ব। হঠাত মনলৈ অশান্তি আহিব পাৰে। কোনো চৰকাৰী আঁচনিৰ লাভ লবলৈ প্ৰয়াস কৰিব পাৰে। প্ৰেমিকসকলৰ বাবে আজিৰ দিনটো ভাল।

  • কৰ্কট ৰাশিঃ মানসিক স্বাস্থ্যৰ প্ৰতি মন দিয়ক। আত্ম বিশ্বাসেৰে কাম কৰক। সন্তানৰ কামে আপোনাক গৌৰাৱান্বিত কৰিব।

  • সিংহ ৰাশিঃ পৰিয়াললৈ সুখ-শান্তি আহিব। কাৰ্যক্ষেত্ৰত নতুনত্বৰ সংযোজন। সামাজিক কামত মান-সন্মান লাভ কৰিব পাৰে। কোনো দীৰ্ঘদিনীয়া বন্ধুক বহুদিনৰ মূৰত লগ পোৱাৰ সম্ভাৱনা।


  • কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে কিছু ক্ষেত্ৰত ভাল। দীঘলীয়া ভ্ৰমণৰ সুযোগ। পৰিয়ালৰ পৰা লাভ কৰি সফলতা।

  • তুলা ৰাশিঃ কোনো অচিনাকী লোকৰ পৰামৰ্শ নল'ব। দিনটোত মনলৈ নকৰাত্মক চিন্তা আহিব পাৰে। সাৱধানে থাকক।

  • বিশ্চিক ৰাশিঃ ব্যৱসায়ত লাভ। প্ৰেমত শুভ। নতুন কামত আজি হাত নিদিব। দিনটো কিছু কঠিনতাৰ মাজেৰে পাৰ হ'ব।

  • ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে কিছু ক্ষেত্ৰত ফলপ্ৰসু।

  • মকৰ ৰাশিঃ বিবাহ সম্পৰ্কীয় সকলো সমস্যা সমাধান হ'ব। দিনটো আপোনাৰ বাবে মংগলজনক।

  • কুম্ভ ৰাশিঃ আৰ্থিক সমস্যা আঁতৰিব। আয়-ব্যয় সমান হ'ব। ধন লাভৰ যুগ।

  • মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে কিছু ক্ষেত্ৰত ভাল। সম্পত্তি লাভৰ যুগ। প্ৰেমত শুভ।

Published by: Himangshu Bhuyan
First published: October 13, 2021, 8:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি