Lunar Eclipse 2022 : বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ পিছত, এইবাৰ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’বলৈ সাজু জনসাধাৰণ। এই চন্দ্ৰগ্ৰহণ ৰঙা চন্দ্ৰ বা ব্লাড মুন বুলিও পৰিচিত হ’ব। যেতিয়া চন্দ্ৰ আৰু সূৰ্যৰ মাজত পৃথিৱী সোমাই পৰে, তেতিয়া পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰাৰ ফলত চন্দ্ৰগ্ৰহণ হয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল, বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হ’ব পূৰ্ণগ্ৰাস।
চন্দ্ৰগ্ৰহণ : তাৰিখ আৰু সময়
নাছাৰ মতে, পূৰ্ণগ্ৰাস এই চন্দ্ৰগ্ৰহণক ব্লাড মুন নাম দিয়া হ’ব। ১৬ মে’ৰ পুৱা ৭.৫৮ বজাত আৰম্ভ হ’ব গ্ৰহণ আৰু ১১.৩৫ বজালৈ থাকিব। ১৬ মে’ত চন্দ্ৰগ্ৰহণ তিনি ঘণ্টাৰো বেছি সময় ধৰি চলিব বুলি আশা কৰা হৈছে।
কেতিয়া সৰ্বোচ্চ চন্দ্ৰগ্ৰহণ হ’ব?
১৬ মে’ৰ পুৱা ৯.৪১ বজাত এই চন্দ্ৰগ্ৰহণ সম্পূৰ্ণৰূপে সৰ্বোচ্চ পৰ্যায়ত দেখা যাব।
ভাৰতত দেখা যাবনে এই চন্দ্ৰগ্ৰহণ?
মহাকাশ সংস্থাৰ মতে, এইবাৰ ভাৰতত চন্দ্ৰগ্ৰহণ দেখা নাযাব। সম্পূৰ্ণ দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকাৰ পূব অংশ, এণ্টাৰ্কটিকাৰ কিছু অংশ, পশ্চিম ইউৰোপ, পশ্চিম আৰু দক্ষিণ আফ্ৰিকা আৰু কেৱল প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পূব দিশত ব্লাড মুন দেখা যাব।
ব্লাড মুন কিয় কোৱা হয়?
যিহেতু পূৰ্ণিমাৰ দিনাই চন্দ্ৰগ্ৰহণ হ’ব, সেয়ে পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলে সেয়া ৰঙা ৰঙৰ দেখা যাব। পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে অহাৰ পিছত সূৰ্যৰ পোহৰ চন্দ্ৰৰ পৃষ্ঠত পৰিব, ফলত চন্দ্ৰই অন্যান্য ৰঙক প্ৰতিফলিত কৰিব আৰু তৰংগদৈৰ্ঘ্যৰ কাৰণেই ৰঙা ৰং ধৰি ৰাখিব। সেয়ে ইয়াক ৰঙা দেখা যাব। এই ৰঙা ৰঙৰ বাবে ‘ব্লাড মুন’ শব্দটোৰ জন্ম।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|