• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • LPG Subsidy: এলপিজি চিলিণ্ডাৰত ৰাজসাহায্য লাগে নেকি? আজিয়ে কৰক এই কাম

LPG Subsidy: এলপিজি চিলিণ্ডাৰত ৰাজসাহায্য লাগে নেকি? আজিয়ে কৰক এই কাম

যদি আপুনিও এলপিজি চিলিণ্ডাৰ কিনে আৰু আপোনাৰ বেংক একাউণ্টত ৰাজসাহায্য নাহে তেন্তে আপোনাৰ বাবে এই খবৰ গুৰুত্বপূৰ্ণ।

যদি আপুনিও এলপিজি চিলিণ্ডাৰ কিনে আৰু আপোনাৰ বেংক একাউণ্টত ৰাজসাহায্য নাহে তেন্তে আপোনাৰ বাবে এই খবৰ গুৰুত্বপূৰ্ণ।

যদি আপুনিও এলপিজি চিলিণ্ডাৰ কিনে আৰু আপোনাৰ বেংক একাউণ্টত ৰাজসাহায্য নাহে তেন্তে আপোনাৰ বাবে এই খবৰ গুৰুত্বপূৰ্ণ।

  • Share this:
ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। গ্ৰাহকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা বৰ্তমান ৭৯.২৬ টকা প্ৰতিটো চিলিণ্ডাৰত ৰাজসাহায্য হিচাপে আহি আছে। যদি আপুনিও এলপিজি চিলিণ্ডাৰ কিনে আৰু আপোনাৰ বেংক একাউণ্টত ৰাজসাহায্য নাহে তেন্তে আপোনাৰ বাবে এই খবৰ গুৰুত্বপূৰ্ণ।

যদি আপুনি ছাবচিডি লাভ কৰা নাই তেন্তে ইয়াৰ কাৰণ এলপিজি আইডি একাউণ্ট নম্বৰৰ সৈতে সংলগ্ন হোৱা নাই। ইয়াৰ বাবে আপুনি ওচৰৰ বিতৰকৰ সৈতে যোগাযোগ কৰক আৰু নিজৰ সমস্যা জনাওক। আনহাতে, টোল ফ্ৰী নম্বৰ 18002333555ত ফোন কৰিও আপুনি অভিযোগ দাখিল কৰিব পাৰে।

কোনসকল লোকে লাভ কৰে ৰাজসাহায্য

যিসকল লোকে বছৰি ১০ লাখ টকা বা তাতকৈ অধিক উপাৰ্জন কৰে তেওঁলোকক ৰাজসাহায্য দিয়া নহয়। ১০ লাখ টকাৰ বছৰি উপাৰ্জন স্বামী আৰু স্ত্ৰী দুয়োৰে মিলাই ধৰা হয়।

কিমান টকা পোৱা যায় ৰাজসাহায্য

বৰ্তমান ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত বহু কম ৰাজসাহায্য পোৱা যায়। গ্ৰহকে এতিয়া ৭৯.২৬ টকা ৰাজসাহায্য হিচাপে একাউণ্টত লাভ কৰে। এটা সময়ত ২০০ টকালৈ ৰাজসাহায্য লাভ কৰিছিল, যিটো এতিয়া হ্ৰাস পাই ৭৯.২৬ টকা হৈছে। অৱশ্যে কিছুমান গ্ৰাহকে ১৫৮.৫২ বা ২৩৭.৭৮ টকা ৰাজসাহায্য পাই আছে।

কেনেকৈ জানিব আপোনাৰ ষ্টেটাছ

– http://mylpg.in/ ত যাওক আৰু নিজৰ এলপিজি আইডি লিখক।

– আপুনি যিটো OMCৰ এলপিজি ব্যৱহাৰ কৰি আছে তাৰ আধাৰত প্ৰয়োজনীয় তথ্য দিব লাগিব।

– আপুনি ১৭ সংখ্যাৰ এলপিজি আই ডি আৰু ৰেজিষ্টাৰ ম’বাইল নম্বৰ লিখক।

– এতিয়া কেপচা কোড লিখক আৰু আগলৈ যাওকত ক্লিক কৰক।

– আপোনাৰ ম’বাইল নম্বৰত এটা OTP আহিব।

– এতিয়া আপুনি নিজৰ ই–মেইল আইডি দাখিল কৰিব লাগিব আৰু এটা পাছৱৰ্ড বনাব লাগিব।

– এবাৰ হোৱাৰ পিছত আপোনাৰ নিজৰ ই–মেইল আইডিত এটা লিংক আহিব। নিজৰ মেইললৈ গৈ সেই লিংকত ক্লিক কৰিব লাগিব।

– এতিয়া mylpg.in একাউণ্টত লগইন কৰক আৰু পপআপ মেছেজত নিজৰ সম্পূৰ্ণ তথ্য লিখক।

– এতিয়া ভিউ চিলিণ্ডাৰ বুকিং হিষ্ট্ৰী/ছাবচিডি ট্ৰান্সফাৰ অপচন ক্লিক কৰক।

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: