LPG Price Today: জুলাই মাহৰ প্ৰথমটো দিনতে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। প্ৰতিদিনে বৃদ্ধি পাই থকা পেট্ৰ’ল–ডিজেলৰ দামৰ পিছত আজি এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে। চৰকাৰী তেল কোম্পানীসমূহে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫.৫০ টকা দাম বৃদ্ধি কৰিছে। আনহাতে, বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮৪ টকাকৈ বৃদ্ধি কৰা হৈছে।
এই বৃদ্ধিৰ পিছত দেশৰ ৰাজধানী দিল্লীত ১৪.২ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰৰ দাম ৮৪৩টকা হ’লগৈ। ইয়াৰ উপৰি কলকাতাত ৮৬১ টকা, মুম্বাইত ৮৩৪.৫ টকা আৰু চেন্নাইত ৮৫০ টকা হয়গৈ ৰন্ধন গেছৰ দাম।
১৯ কিলোগ্ৰামৰ গেছ চিলিণ্ডাৰৰ দাম ৮৪ টকা বৃদ্ধি কৰা হৈছে। দিল্লীত এতিয়া ইয়াৰ দাম ১৫৫০ টকা। ইয়াৰ উপৰি কলকাতাত ১৬৫১.৫ টকা, মুম্বাইত ১৫০৭ টকা আৰু চেন্নাইত ১৬৮৭.৫ টকা।
উল্লেখযোগ্য যে জুন মাহত ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দামৰ কোনো সালসলনি হোৱা নাছিল। অৱশ্যে ১৯.২ কিলোগ্ৰামৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ১২৩ টকা বৃদ্ধি হৈছিল। মে’ আৰু জুন মাহত ঘৰুৱা চিলিণ্ডাৰৰ দাম একেই আছিল। এপ্ৰিল মাহত ১০ টকা হ্ৰাস কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|