உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • LPG Price Hike : পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকাকৈ বৃদ্ধি হ’ল প্ৰতিটো চিলিণ্ডাৰত?

    LPG Price Hike : পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকাকৈ বৃদ্ধি হ’ল প্ৰতিটো চিলিণ্ডাৰত?

    এতিয়া ১৪.২ কেজি আৰু ১৯ কেজি চিলিণ্ডাৰৰ বাবে মানুহে অধিক ধন ভৰিব লাগিব।

    এতিয়া ১৪.২ কেজি আৰু ১৯ কেজি চিলিণ্ডাৰৰ বাবে মানুহে অধিক ধন ভৰিব লাগিব।

    এতিয়া ১৪.২ কেজি আৰু ১৯ কেজি চিলিণ্ডাৰৰ বাবে মানুহে অধিক ধন ভৰিব লাগিব।

    • Share this:
    অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধোৱাৰ সময়তে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৩.৫০ টকা বৃদ্ধি কৰা হৈছে। আনহাতে, বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে ৮ টকাকৈ।

    দেশৰ প্ৰায়বোৰ চহৰত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য এতিয়া ১০০০ টকাৰ ওপৰ হৈছে।বৃহস্পতিবাৰে পুৱা পেট্ৰলিয়াম কোম্পানীয়ে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৩.৫০ টকা বৃদ্ধি কৰে। ইয়াৰ পিছত ১৪.২ কেজি চিলিণ্ডাৰৰ দাম ১০০০ টকা অতিক্ৰম কৰিলে।

    ঘৰুৱা চিলিণ্ডাৰৰ উপৰিও আজিৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ দামও বৃদ্ধি পাইছে। দুয়োবিধ চিলিণ্ডাৰৰ নতুন দৰ আজিৰে পৰা সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হৈছে। এতিয়া ১৪.২ কেজি আৰু ১৯ কেজি চিলিণ্ডাৰৰ বাবে মানুহে অধিক ধন ভৰিব লাগিব।

    এই বৃদ্ধিৰ পিছত দিল্লীত ১৯ কেজি ওজনৰ গেছ চিলিণ্ডাৰৰ হৈছেগৈ ২৩৫৪ টকা। একেদৰে কলকাতাত এটা বাণিজ্যিক চিলিণ্ডাৰৰ শেহতীয়া মূল্য ২৪৫৪ টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে মুম্বাইত ২৩০৬ টকা হ’ব। চেন্নাইতো ১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাই ইয়াৰ নতুন দাম ২৫০৭ টকাত হৈছে।
    Published by:Sanjay Kumar Das
    First published: