আমাজন পে’ত এই অফাৰৰ সুযোগ উঠাওক।
আমাজন পে’ত এই অফাৰৰ সুযোগ উঠাওক।
নতুন দিল্লীঃ যদি আপুনিও গেছ চিলিণ্ডাৰৰ অনলাইন বুকিং (Gas Cylinder Online Booking) কৰোৱায় তেনেহ’লে আপোনাৰ হাতত এটা ভাল সুযোগ। এতিয়া আপুনি ঘৰত বহি সস্তাত গেছ চিলিণ্ডাৰ বুক কৰিব পাৰে। হয় আমাজন পে’ৰ জৰিয়তে গেছ চিলিণ্ডাক বুকিং কৰিলে আপুনি ৫০টকাৰ কেচবেক লাভ কৰিব। উল্লেখ্য যে, এই কেচবেক আপুনি প্ৰথম বুকিঙত লাভ কৰিব। আহক জানো আপুনি কেনেকৈ সস্তাত গেছ চিলিণ্ডাৰ বুক কৰিব পাৰিব।
Indane এ টুইট কৰি জনায় এই কথা
চৰকাৰী তৈল কোম্পানী ইণ্ডেনে (Indane) টুইট কৰি গ্ৰাহকক জনোৱা মতে এতিয়া ৰন্ধন গেছৰ উপভোক্তাই আমাজন পে’ৰ জৰিয়তে এলপিজি চিলিণ্ডাৰ বুকিং কৰিব পাৰিব আৰু ইণ্ডেন ৰিফিলৰ কাৰণে অনলাইন পেমেণ্টো কৰিব পাৰে। ইয়াৰ লগতে কোম্পানীয়ে কয় যে, আমাজন পে’ৰ জৰিয়তে প্ৰথমবাৰ চিলিণ্ডাৰ বুক কৰিলে আৰু পেমেণ্ট কৰিলে গ্ৰাহকে ৫০টকাৰ কেচবেক লাভ কৰিব। কোম্পানীয়ে লগতে এই কথাও স্পষ্ট কৰে যে এই কেচবেক কেৱল এবাৰৰ কাৰণেহে উপলব্ধ হয়।
কেনেকৈ বুক কৰিব?
ইয়াৰ কাৰণে আপুনি আমাজন এপৰ পেমেণ্ট অপচনত যাব লাগিব। ইয়াৰ পিছত নিজৰ গেচ চাৰ্ভিচ প্ৰভাইডাৰ বাচনি কৰিব আৰু নিজৰ ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰ বা এলপিজি নম্বৰ দিয়ক। আপুনি আমাজন পে’ৰ জৰিয়তে পেমেণ্ট কৰিব লাগিব।
এতিয়া এই নম্বৰৰ দ্বাৰা কৰাওক চিলিণ্ডাৰৰ বুকিং
ইণ্ডিয়ান অইলে লগতে কয় যে প্ৰথমে ৰন্ধন গেছৰ বুকিঙৰ কাৰণে দেশৰ বেলেগ বেলেগ চাৰ্কলৰ বেলেগ বেলেগ ম’বাইল নম্বৰ আছিল। এতিয়া দেশৰ সকলোতকৈ ডাঙৰ পেট্ৰ’লিয়াম কোম্পানীয়ে সকলো চাৰ্কলৰ কাৰণে একেটাই নম্বৰ জাৰি কৰিছে অৰ্থাৎ এতিয়া ইণ্ডেন গেছৰ দেশৰ সকলো গ্ৰাহকে এলপিজি চিলিণ্ডাৰ বুক কৰিবলৈ 7718955555 নম্বৰত কল কৰিব লাগিব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|