২৮ ফেব্ৰুৱাৰী ২০২১লৈ বৈধ হৈ থাকিব অফাৰ।
২৮ ফেব্ৰুৱাৰী ২০২১লৈ বৈধ হৈ থাকিব অফাৰ।
আজি আমি আপোনালোকক জনাম এল পি জি চিলিণ্ডাৰৰ ওপৰত দিয়া এনে এটা অফাৰৰ বিষয়ে, যিয়ে আপোনাক ৭৬৯ টকাৰ গেছ চিলিণ্ডাৰত পোনপটীয়াকৈ ৭০০ টকাৰ ৰেহাই প্ৰদান কৰিব।
যিহেতু চহৰৰ পৰা গাঁৱলৈ এতিয়া প্ৰতিটো পৰিয়ালতেই এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ ব্যাপক হাৰত কৰা হয়। তাৰ মাজতে শেহতীয়াইকৈ চৰকাৰে এল পি জি চিলিণ্ডাৰৰ মূল্য ৫০ টকা পৰ্যন্ত বৃদ্ধি কৰাৰ লগে লগে হাহাকাৰ লাগিছে সাধাৰণ জনতাৰ মাজতে। এই মূল্য বৃদ্ধিৰ পিছতে ৰাজসাহায্য নথকা ১৪.২ কেজি এল পি জি চিলিণ্ডাৰ মূল্য ৭৬৯ টকালৈ বৃদ্ধি পাইছে। এই মাহতে দ্বিতীয়বাৰৰ গেছ চিলিণ্ডাৰৰ মূল্যত এই বৃদ্ধি হৈছিল। য'ত এল পি জি অৰ্থাৎ ৰন্ধন গেছৰ মূল্য ২৫ আৰু তাৰ পিছত ৫০ টকা বৃদ্ধি কৰা হৈছিল।
সেয়া যি হ'লেও কিন্তু এতিয়া আপুনি এই ব্যয়বহুল চিলিণ্ডাৰটো মাত্ৰ ৬৯ টকাত কিনিব পাৰিব গতিকে জানক কেনেদৰে ল'ব এই অফাৰৰ সুবিধা।
আপুনি পে টি এম (Paytm)ৰ পৰা বুক কৰক আপোনাৰ এলপিজি চিলিণ্ডাৰ আৰু ৭০০ টকা পৰ্যন্ত লাভ কৰক কেছবেকৰ সুবিধা। দেশৰ অধিকাংশ ঠাইত য'ত ৰাজসাহায্যৰ পিছত এল পি জি চিলিণ্ডাৰ ৭০০ টকাৰ পৰা ৭৬৯ টকাৰ ভিতৰত আছে, তেন্তে আপুনি পলম নকৰিব, পে টি এমৰ বিশেষ কেছবেকৰ সুবিধা লাভ কৰি ইয়াক মাত্ৰ ৬৯ টকাত ক্ৰয় কৰিব পাৰে।
এই অফাৰৰ সুবিধা লওক এনেদৰে -
১. প্ৰথমে যদি আপোনাৰ ফোনত পে টি এম এপ নাই তেন্তে ডাউনলোড কৰক।
২. এতিয়া আপোনাৰ ফোনত থকা পে টি এম এপটো খোলক।
৩. তাৰ পিছত ৰিচাৰ্জ আৰু বিল পৰিশোধ (Recharge and Pay Bills) লৈ যাওক।
৪. এতিয়া বুক এ চিলিণ্ডাৰলৈ (Book a cylinder)ত ক্লিক কৰক।
৫. ভাৰত গেছ, এইচ পি গেছ বা ইণ্ডেনৰ পৰা আপোনাৰ গেছ প্ৰদানকাৰীক বাছনি কৰক।
৬. এতিয়া পঞ্জীভূত ম'বাইল নম্বৰ বা আপোনাৰ এল পি জি আই ডি প্ৰবিষ্ট কৰক।
৭. তাৰ পিছত আপুনি পেমেণ্ট বিকল্পটো দেখিবলৈ পাব।
৮. এতিয়া পেমেণ্ট অৰ্থাৎ পৰিশোধ কৰাৰ পূৰ্বে অফাৰত 'FIRSTLPG' প্ৰমো ক'ড দিয়ক।
২৮ ফেব্ৰুৱাৰী ২০২১লৈ বৈধ হৈ থাকিব অফাৰ। য'ত ৭০০ টকা পৰ্যন্ত কেছবেক থাকিব। কেৱল পে টি এম এপৰ জৰিয়তে প্ৰথমবাৰৰ বাবে এল পি জি গেছ চিলিণ্ডাৰ বুক কৰা গ্ৰাহকসকলেহে লাভ কৰি কৰিব পাৰিব এই সুবিধা। গ্ৰাহকসকলে কেৱল ২৮ ফেব্ৰুৱাৰী ২০২১ লৈ কেহে পে টি এম এল পি জি চিলিণ্ডাৰ কেছবেক অফাৰ লাভ কৰিব। পে টি এমে এই অফাৰটোৰ বাবে ইতিমধ্যে কেইবাটাও গেছ কোম্পানীৰ সৈতে আলোচনাও কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|