গেছ চিলিণ্ডাৰ লিক কৰি ফুটাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱা এক ঘটনাত উপভোক্তা আদালতে কোম্পানীক ১০ লাখ ৪৬হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে। ইয়াৰ লগতে এই দূৰ্ঘটনাত বেয়াকৈ আহত হোৱা আনগৰাকী মহিলাক ১লাখ ৭৫হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে। এলপিজি অৰ্থাৎ ৰন্ধন গেছ ৰূপে ব্যৱহৃত গেছৰ ব্যৱহাৰ দেশৰ অধিকাংশ লোকে এতিয়া কৰে। আমি জনা উচিত যদিহে এলপিজি চিলিণ্ডাৰ ফুটে বা দুৰ্ঘটনাৰ কাৰণ হয় তেনেহ’লে এজন উপভোক্তা আমি হিচাপে কি কৰিব লাগে। আমাৰ অধিকাৰ কি?
চিলিণ্ডাৰৰ লিকেজ বা বিস্ফোৰণ, দায়িত্ব ডিলাৰ আৰু কোম্পানীৰযদি চিলিণ্ডাৰৰ লিকেজ বা বিস্ফোৰণ হয় তেনেহ’লে দায়িত্ব ডিলাৰ আৰু কোম্পানীৰ। ১৬বছৰ পূৰ্বে হোৱা এক দুৰ্ঘটনাৰ ৰায়দান দি উপভোক্তা আদালতে দিয়া নিৰ্দেশ এতিয়াও বলৱৎ হৈ আছে। নেচনেল কনজিউমাৰ ফৰামে নিজৰ সিদ্ধান্তত কৈছিল যে মাৰ্কেটিং ডিচিপ্লিন গাইডলাইন্স ২০১৪ ফৰ এলপিজি ডিষ্ট্ৰিবিউচনৰ অধীনত ডিলাৰে ডিফেক্টিভ চিলিণ্ডাৰ চাপ্লাই দিলে ইয়াৰ দায়িত্ব অভিযোগকাৰীলৈ ঠেলিব নোৱাৰে। গাইডলাইন্সৰ মতে ডিলাৰে ডেলিভাৰীৰ পূৰ্বে চেক কৰিব লাগে যে চিলিণ্ডাৰ ঠিকে আছে নে নাই?
প্ৰতিটো LPG চিলিণ্ডাৰৰ ওপৰত থাকে ৫০লাখ টকাৰ বীমা, জানক কেনেকৈ কৰিব ক্লেইম!> (http://mylpg.in) ৰ মতে যদি কোনো ব্যক্তিয়ে এল পি জি কানেকশ্যন লৈছে আৰু তেওঁ লাভ কৰা চিলিণ্ডাৰৰ পৰা ঘৰত কোনো ধৰনৰ দূৰ্ঘটনা হৈছে তেনেহ’লে ব্যক্তিজনে ৫০লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিব পাৰে।
> এটা দূৰ্ঘটনাত সৰ্বোচ্ছ ৫০লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিব পাৰে। দূৰ্ঘটনাৰ ভুক্তভোগী প্ৰত্যেক ব্যক্তিয়ে সৰ্বাধিক ১০লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰিব পাৰে।
> এল পি জি চিলিণ্ডাৰৰ বীমা কভাৰ পাবলৈ গ্ৰাহকে দূৰ্ঘটনাৰ খবৰ নিকটৱৰ্তী আৰক্ষী থানা আৰু নিজৰ বিতৰক প্ৰদান কৰিব লাগিব।
> পিএছইউ অইল বিপণন কোম্পানী যেনে ইণ্ডিয়ন অইল, এইচপি তথা বিচিপিৰ বিতৰকক ব্যক্তি তথা সম্পত্তিৰ কাৰণে তৃতীয় পক্ষৰ বীমা কভাৰ সহ দূৰ্ঘটনাৰ বাবে বীমা পলিচী ল’ব লগীয়া হয়।
> এয়া কোনো ব্যক্তিগত গ্ৰাহকৰ নামত নহয় বৰং প্ৰত্যেকজন গ্ৰাহকেই ইয়াৰ অন্তৰ্ভুক্ত। ইয়াৰ কাৰণে কোনো প্ৰীমিয়াম দিব নালাগে।
>এফআইআৰৰ প্ৰতিলিপি, আহতৰ চিকিৎসাৰ ৰছিদ, মেডিকেল বিল তথা মৃত্যুৰ পিছত পোৱা মৃত্যুৰ প্ৰমাণ পত্ৰ ভালকৈ ৰাখক।
দূৰ্ঘটনা হ’লে ব্যক্তি আৰু বিতৰকৰ তৰফৰ পৰা ক্ষতিপূৰণৰ দাবী কৰা হয়। দাবী কৰা ধনৰাশি বীমা কোম্পানী সম্বন্ধীয় বিতৰকৰ কাষত জমা কৰোৱা হয় আৰু ইয়াৰ পৰা এই ধন গ্ৰাহকক প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে কিছু পূৰ্বে দিল্লীৰ মডেল টাউন এলেকাত এজন উপভোক্তাৰ ঘৰত গেছৰ চিলিণ্ডাৰ লিক হৈ ঘৰৰ শাহু–বোৱাৰী দুয়ো বেয়াকৈ অগ্নিদগ্ধ হয়। পৰৱৰ্তী সময়ত চিকিত্সা কৰোৱাৰ মাজতে বোৱাৰীৰ মৃত্যু হয়। ৩ এপ্ৰিল, ২০০৩ চনত পাকঘৰত আহাৰ ৰান্ধি থাকোতে দুয়োগৰাকী মহিলাই খালী চিলিণ্ডাৰ আঁতৰাই নতুন চিলিণ্ডাৰ লগাইছিল। নতুন চিলিণ্ডাৰৰ কেপ খোলাৰ লগে লগে গেছ লিক হয় আৰু তাৰপৰা গেছৰ ফোঁৱাৰাৰ দৰে ওলায়। দুয়োগৰাকী মহিলা গেছৰ আওতাত বেয়াকৈ সোমাই পৰে। বোৱাৰীৰ ৯০ শতাংশ অগ্নিদগ্ধ হয় লগতে শাহুগৰাকীও বেয়াকৈ আহত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ দৰে চাওঁতে দেখা পায় যে চিলিণ্ডাৰৰ ভাল্ব নাছিল আৰু তাৰ ফলতে গেছ লিক হৈছিল।
মৃত মহিলাগৰাকীৰ স্বামীয়ে পত্নী আৰু মাতৃৰ হৈ ক্ষতিপূৰণ দাবী কৰি উপভোক্তা আদালতৰ দুৱাৰত টোকৰ দিয়ে। ৰাজ্য উপভোক্তা ফৰামে নিৰ্দেশ দিছে যে মৃত মহিলাগৰাকীৰ স্বামীক ১০ লাখ ৪৬হাজাৰ টকাৰ ক্ষতিপূৰণ দিব লাগে। আনহাতে মানুহজনৰ মাতৃক এক লাখ ৭৫হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়ে আদালতে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|