নতুন দিল্লীঃ দেশত বৰ্ধিত মূল্যবৃদ্ধিৰ মাজতে চৰকাৰী তৈল কোম্পানীসমূহে ৰন্ধন গেছৰ (Cooking Gas) মূল্য বঢ়াইছে। CNBC আৱাজৰ তথ্য অনুসৰি আজিৰে পৰা আপোনাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ ৫০টকা মহঙা হৈছে। LPG Gas Cylinderৰ নতুন মূল্য ২ ডিচেম্বৰ অৰ্থাৎ আজিৰে পৰা বলৱৎ হৈছে। এই মূল্যবৃদ্ধিৰ ফলত দেশৰ ৰাজধানীত ঘৰুৱা ৰন্ধন গেছৰ দাম ৬৪৪টকা হৈছে। উল্লেখ্য যে, ১ ডিচেম্বৰত অইল মাৰ্কেটিং কোম্পানীসমূহে কমাৰ্চিয়েল ৰেটচ বৃদ্ধি কৰিছিল। ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ৫৫ টকা বাঢ়িছিল।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে জুলাই মাহত ১৪ কিলোগ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য জুলাই মাহত বাঢ়িছিল।
কমাৰ্চিয়েল চিলিণ্ডাৰৰ দামো ডিচেম্বৰ মাহত বাঢ়িছে। চেন্নাইত সকলোতকৈ বেছি ৫৬ টকা প্ৰতি চিলিণ্ডাৰত বাঢ়িছে। ইয়াত এটা কমাৰ্চিয়েল চিলিণ্ডাৰৰ কাৰণে ১৪১০ টকা দিব লগীয়া হৈছে। ইয়াৰ বাহিৰে ৰাজধানী দিল্লীত ৫৫ টকা বাঢ়িছে। ইয়াত চিলিণ্ডাৰৰ মূল্য ১২৯৬টকা। কলকাতা আৰু মুম্বাইতো ৫৫টকা বাঢ়িছে। এই দুখন চহৰত মূল্য ক্ৰমে ১৩৫১ আৰু ১২৪৪টকা হয়।
ক’ত চাব এলপিজিৰ দামৰন্ধন গেছৰ দাম চেক কৰিবলৈ আপুনি চৰকাৰী তৈল কোম্পানীৰ ৱেবছাইটলৈ যাব লাগিব। ইয়াত কোম্পানীসমূহে প্ৰতি মাহে নতুন ৰেটছ জাৰি কৰে। https://iocl.com/Products/IndaneGas.aspx এই লিংকত গৈ আপুনি নিজৰ চহৰৰ গেছ চিলিণ্ডাৰৰ দাম চাব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|