• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Lockdown 5.0 : সাধাৰণ জনতাৰ মূৰত মাধমাৰ, ১১০ টকাকৈ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

Lockdown 5.0 : সাধাৰণ জনতাৰ মূৰত মাধমাৰ, ১১০ টকাকৈ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

Source-Google

Source-Google

ইয়াৰ পূৰ্বে মে’ মাহত ১৬২.৫০ টকা হ্ৰাস কৰা হৈছিল চিলিণ্ডাৰৰ দাম।

  • Share this:
দেশৰ আটাই‍বোৰ চহৰত এলপিজিৰ মূল্য বৃদ্ধি। ১৯ কিলোগ্ৰামৰ ৰাজসাহাৰ্যবিহীন চিলিণ্ডাৰৰ মূল্য ১১০টকা বাঢ়িল।


কোৰোণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে অব্যাহত থকা লকডাউন ৫.০ৰ প্ৰথম দিনাই সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। দেশৰ তেল কোম্পানীসমূহে (HPCL,BPCL, IOC) ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ১৪.২ কিলোগ্ৰামৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম দিল্লীত ১১.৫০ টকা বৃদ্ধি পাইছে। এতিয়া নতুন দাম ৫৯৩ টকালৈ বৃদ্ধি পালে। আন চহৰতো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আজিৰে পৰা বৃদ্ধি পাইছে। কলকাতাত ৩১.৫০ টকা, মুম্বাইত ১১.৫০ টকা আৰু চেন্নাই ৩৭ টকা বৃদ্ধি পাইছে চিলিণ্ডাৰৰ দাম। ইয়াৰ পূৰ্বে মে’ মাহত ১৬২.৫০ টকা হ্ৰাস কৰা হৈছিল চিলিণ্ডাৰৰ দাম। আনহাতে, ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দামো ১১০ টকাকৈ বৃদ্ধি পাইছে। এই চিলিণ্ডাৰৰ নতুন দাম হ’ব ১১৩৯.৫০ টকা।

১৪.২কিলোগ্ৰামী ৰাজসাহাৰ্যবিহীন এলপিজি চিলিণ্ডাৰৰ দাম গুৱাহাটীত ৫৭৩টকাৰ পৰা বৃদ্ধি পাই ৬৩৬টকা হৈছে। মুঠ ৬৩টকা বৃদ্ধি পাইছে এলপিজি চিলিণ্ডাৰৰ মূল্য। দেশৰ আন চহৰসমূহত একেধৰণে মূল্যবৃদ্ধি হৈছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে মে’ মাহত এলপিজি চিলিণ্ডাৰৰ মূল্য ১৬২.৫০টকাৰ বৃহৎ হ্ৰাস কৰা হৈছিল।

দেশৰ আটাই‍বোৰ চহৰত এলপিজিৰ মূল্য বৃদ্ধি। ১৯ কিলোগ্ৰামৰ ৰাজসাহাৰ্যবিহীন চিলিণ্ডাৰৰ মূল্য ১১০টকা বাঢ়িল।


উৰাজাহাজৰ ইন্ধনৰ মূল্য বৃদ্ধি

১জুনত বিমানৰ ইন্ধন এভিয়েশ্যন টাৰ্বাইন ফুয়েল (ATF)ৰ মূল্যও বৃদ্ধি পাইছে। ৰাজহুৱা ক্ষেত্ৰৰ পেট্ৰ’লিয়াম কোম্পানী ইণ্ডিয়ন অইলৰ ৱেবছাইটৰ মতে, ৰাজধানীত এটিএফৰ মূল্য ১১০৩০.৬২টকা প্ৰতি লিটাৰৰ পৰা বৃদ্ধি পাই ৩৩,৫৭৩.৩৭টকা হৈছে। এটিএফ উৰাজাহাজৰ ইন্ধন হিচাপে ব্যৱহাৰ হয়।

কেৰাচিনৰ মূল্য হ্ৰাস

অৱশ্যে তৈল কোম্পানীসমূহে কেৰাচিনৰ  মূল্য হ্ৰাস কৰিছে। দিল্লীত কেৰাচিন বিনামূলীয়া গতিকে ইয়াত মূল্য গম পোৱা নাযায় কিন্তু কলকাতাত আজিৰে পৰা কেৰাচিনৰ মূল্য ১২.১২টকা হ্ৰাস কৰি প্ৰতি লিটাৰত ১৫.৭৩টকা কৰা হৈছে, ইয়াৰ পূৰ্বে এই মূল্য ২৭.৮৫টকা প্ৰতি লিটাৰ আছিল। সেইদৰে মুম্বাইত এক লিটাৰ কেৰাচিনৰ মূল্য ১৩.৯৬টকা প্ৰতি লিটাৰ আৰু চেন্নাইত প্ৰতি লিটাৰত ১৩.৬০টকা হৈছে।
First published: