গেছ চিলিণ্ডাৰৰ বৰ্ধিত দামে জলাকলা খুৱাইছে সাধাৰণ জনতাক। কিন্তু এনে সময়তে গেছ চিলিণ্ডাৰৰ বুকিং কৰি ১০,০০০ টকাৰ সোণ জিকাৰ সুযোগ আগবঢ়োৱা হৈছে। আজি আমি ক’ব বিচাৰিছো যে আপুনি গেছ চিলিণ্ডাৰ বুকিং কৰি ১০ হাজাৰ টকাৰ লাভ উঠাব পাৰে। নৱৰাত্ৰিৰ দিনত এলপিজি কোম্পানী হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডে নিজৰ গ্ৰাহকলৈ লৈ আহিছে ভাল খবৰ।
কোম্পানীয়ে নিজৰ টুইটাৰ হেণ্ডেলত এই তথ্য সদৰি কৰি কয় যে নৱৰাত্ৰি উপলক্ষে গ্ৰাহকক গেছ চিলিণ্ডাৰ কিনিলে ১০ হাজাৰ টকাৰ সোণ জিকাৰ সুযোগ প্ৰদান কৰিছে। অৱশ্যে এই অফাৰ কিছুদিনৰ বাবেহে। এই সন্দৰ্ভত সবিশেষ জানক।
কি এই অফাৰ?
যদি গ্ৰাহকে অনলাইন পেমেণ্ট ছাৰ্ভিচৰ জৰিয়তে গেছ বুকিং কৰে তেন্তে তেওঁ ১০ হাজাৰ টকাৰ সোণ জিকাৰ সুবিধা পাব। অৰ্থাৎ আপুনি পেটীএমৰ জৰিয়তে চিলিণ্ডাৰ বুক কৰিব লাগিব।
কেতিয়ালৈ চলিব এই অফাৰ?
এই অফাৰ ৭ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ ভেলিড থাকিব। অৰ্থাৎ আপোনাৰ হাতত এই অফাৰৰ বাবে দুটা দিন বাকী আছে। নৱৰাত্ৰি গ’ল্ড অপাৰৰ জৰিয়তে দৈনিক ৫ লাকী উইনাৰ নিৰ্বাচিত কৰা হ’ব। বিজেতাসকলক পেটীএমৰ ফালৰ পৰা ১০,০০১ টকাৰ ২৪ কেৰেট সোণ প্ৰদান কৰা হ’ব।
কেনেকৈ কৰিব বুকিং?
– গেছ বুক কৰাৰ বাবে প্ৰথমে আপুনি Book Gas Cylinderত ক্লিক কৰিব লাগিব।
– ইয়াৰ পিছতে নিজৰ গেছ প্ৰভাইডাৰ ছিলেক্ট কৰক।
– এতিয়া ম’বাইল নম্বৰ, এলপিজি আইডি আৰু কনজুমাৰ নম্বৰ দিয়ক।
– এতিয়া নিজৰ পেমেণ্ট ম’ড ছিলেক্ট কৰি ইয়াত আপোনাৰ পেটীএম ৱালেট, পেটীএম ইউপিআই, কাৰ্ড, নেট বেংকিং ছিলেক্ট কৰিব পাৰে।
– ইয়াৰ উপৰি আপুনি পেটীএম পোষ্টপেইড অপচন নিৰ্বাচিত কৰিব পাৰে।
– পেমেণ্টৰ পিছতে আপোনাৰ গেছ চিলিণ্ডাৰ বুকিং হৈ যাব।
Paytmৰ জৰিয়তে বুকিং কৰিলে পাব বহু সুবিধা
এই অফাৰ গেছ চিলিণ্ডাৰ বুকিং আৰু পেমেণ্টৰ ওপৰতহে কাৰ্যকৰী। ব্যৱহাৰকাৰীয়ে যদি পেটীএমৰ পৰা গেছ চিলিণ্ডাৰ বুকিং কৰায়, তেন্তে তেওঁ আন সুবিধাও পাব। প্ৰতিটো চিলিণ্ডাৰ বুকিঙত ১০০০ টকালৈ কেছবেক পইণ্ট দিয়া হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|