সম্প্ৰতি ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰ আকাশলংঘী মূল্যই জলাকলা খুৱাইছে সাধাৰণ জনতাক। চলিত বৰ্ষৰ বৰ্তমানলৈকে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য ২২৫ টকা পৰ্যন্ত বৃদ্ধি পাইছে। দিল্লীত ৰাজসাহায্যযুক্ত ১৪.২ কিলোগ্ৰাম এলপিজি চিলিণ্ডাৰৰ মূল্য ৮১৯ টকালৈ বৃদ্ধি পাইছে। ঠিক এনে সময়তে পেটিএম(Paytm)য়ে আপোনাৰ বাবে আনিছে এটা বিশেষ অফাৰ৷ যাৰ অধীনত আপুনি মাত্ৰ ১১৯ টকাতে লাভ কৰিব পাৰিব ৮১৯ টকা মূল্যৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ। অৰ্থাৎ আপুনি ইয়াৰ দ্বাৰা পোনপটীয়াকৈ লাভ কৰিব ৭০০ টকাৰ কেছবেক। গতিকে জানি লওক আপুনি কেনেদৰে ল'ব এই অফাৰৰ সুবিধা৷
আপুনি আপোনাৰ পেটিএম(Paytm)ৰ জৰিয়তে আপোনাৰ এলপিজি চিলিণ্ডাৰ বুক কৰিব পাৰে আৰু ৭০০ টকালৈকে কেছবেক লাভ কৰিব পাৰে। যিসময়ত দেশৰ ভিন্ন প্ৰান্তত ৰাজসাহায্যৰ পিছত এলপিজি চিলিণ্ডাৰৰ মূল্য ৮১৯ টকা, তেনেস্থলত আপুনি পেটিএমৰ বিশেষ কেছবেকৰ সুবিধা গ্ৰহণ কৰি ইয়াক মাত্ৰ ১১৯ টকাতে ক্ৰয় কৰিব পাৰে।
জানক কেনেদৰে ল’ব এই অফাৰৰ সুবিধা –
>> যদি আপোনাৰ ফোনত পেটিএম এপ(Paytm App) নাই, প্ৰথমে ডাউনলোড কৰক।
>> পেটিএমলৈ গৈ আৰু Show Moreত ক্লিক কৰক।
>> এতিয়া “Recharge and Pay Bill”লৈ যাওক।
>> এতিয়া 'Book a Cylinder' বিকল্পটো খোলক।
>> ভাৰত গেছ, এইচপি গেছ বা ইণ্ডাইন ভিতৰত আপোনাৰ গেছ প্ৰদানকাৰী বাছনি কৰক।
>> পঞ্জীভূত ম’বাইল নম্বৰ বা আপোনাৰ এলপিজি আইডি দিয়ক।
>> আপুনি তাৰ পিছত পৰিশোধ বিকল্প দেখিবলৈ পাব।
>> পৰিশোধ কৰাৰ আগতে অফাৰত 'First LPG' প্ৰমো কোড দিব।
৭০০ টকালৈকে এই কেছবেক কেৱল পেটিএম এপৰ জৰিয়তে প্ৰথমবাৰৰ বাবে এলপিজি গেছ চিলিণ্ডাৰ বুক কৰা গ্ৰাহকসকলেহে লাভ কৰিব পাৰে। কেছবেকৰ এই অফাৰৰ ম্যাদ ৩১ মাৰ্চ, ২০২১ তাৰিখে সমাপ্ত হ’ব। ইয়াৰ অৰ্থ হৈছে সস্তাতে এলপিজি চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ আপোনাৰ হাতত মাত্ৰ ৭টা দিনহে বাকী আছে। আপুনি বুকিঙৰ ২৪ ঘণ্টাৰ ভিতৰত এটা কেছবেক স্ক্ৰেচ কাৰ্ড পাব। এই স্ক্ৰেচ কাৰ্ডখন ৭ দিনৰ ভিতৰত ব্যৱহাৰ কৰিব লাগিব।
ইপিনে ইণ্ডেন এলপিজি গ্ৰাহকসকলে Amazon Payৰ জৰিয়তে এলপিজি চিলিণ্ডাৰ বুকিং কৰি ৫০ টকাৰ কেছবেক লাভ কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|