মিঠাতেলৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যি গতিত বাঢ়িবলৈ লৈছে, মধ্যবিত্ত শ্ৰেণীটোৱে এতিয়া জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।
মিঠাতেলৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যি গতিত বাঢ়িবলৈ লৈছে, মধ্যবিত্ত শ্ৰেণীটোৱে এতিয়া জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।
আশংকা কৰা মতেই যেন হ'ল! সঁচাকৈ ৰন্ধন গেছৰ মূল্যই অতিক্ৰম কৰিলে ১০০০ৰ ঘৰ। আজিৰ পৰা ১৪.২ কিলোগ্ৰাম ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্যত আৰু ৫০ টকা বৃদ্ধি কৰা হৈছে৷ ফলস্বৰূপে ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰ কিনাৰ মূল্য হ'ব ১০২৬ টকা৷
যদিও ঘৰুৱা ব্যৱহাৰৰ বাবে ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য কিছু হ্ৰাস হৈছে৷ ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্য হৈছে ২৪৪৫ টকা।
মিঠাতেলৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যি গতিত বাঢ়িবলৈ লৈছে, মধ্যবিত্ত শ্ৰেণীটোৱে এতিয়া জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আৰু অধিক বৃদ্ধি পাইছে বুলি আশংকা কৰা হৈছে৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|