পূৰ্বেই ১০০০ টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামে।
পূৰ্বেই ১০০০ টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামে।
মধ্যবিত্তৰ মূৰত পুনৰ মাধমাৰ! পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ১৪.২ কিলোগ্ৰামৰ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। ১০৫৩ টকা হ’লগৈ প্ৰতিটো চিলিণ্ডাৰৰ দাম।
আনহাতে, ৫ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দামো ১৮ টকা বৃদ্ধি হৈছে। ইফালে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮.৫০ টকা হ্ৰাস পাইছে।
পূৰ্বেই ১০০০ টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামে। ইমানদিনে ১০২৯ টকাত চিলিণ্ডাৰ কিনিছিল জনসাধাৰণে। আজিৰে পৰা সেই চিলিণ্ডাৰ কিনিব লাগিব ১০৭৯ টকাত। ৰন্ধন গেছৰ ৰাজসাহায্যও কাৰ্যত উঠাই দিছে কেন্দ্ৰীয় চৰকাৰে।
গুৱাহাটীত আজি প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম ১০৩১ টকা। এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে গেছত খাদ্য প্ৰস্তুত কৰিবলৈ দহবাৰ ভাবিব লাগিব দুখীয়া তথা মধ্যবিত্তসকলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|