• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ নতুন নিয়ম, এতিয়া বছৰত মাত্ৰ ১৫টা চিলিণ্ডাৰে ল’ব পাৰিব গ্ৰাহকে

ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ নতুন নিয়ম, এতিয়া বছৰত মাত্ৰ ১৫টা চিলিণ্ডাৰে ল’ব পাৰিব গ্ৰাহকে

নতুন নিয়ম মতে এতিয়া বছৰত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা ১২টা হ’ব। ইয়াত অধিক চিলিণ্ডাৰ কিনিলে নাপাব ৰাজসাহায্য। বাকী চিলিণ্ডাৰ গ্ৰাহকে ৰাজসাহায্যবিহনীভাৱে কিনিব লাগিব।

  • Share this:
চৰকাৰে এতিয়া ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কোটা নিৰ্ধাৰণ কৰি দিছে। নতুন নিৰ্দেশনা অনুসৰি, এতিয়া বছৰত কেৱল ১৫টা চিলিণ্ডাৰহে কিনিব পাৰিব গ্ৰাহকে। এবছৰত এজন গ্ৰাহকক ১৫টাৰ অধিক চিলিণ্ডাৰ দিয়া নহ’ব। ইয়াৰ উপৰি গ্ৰাহকে কেৱল মাহত দুটা চিলিণ্ডাৰ ল’ব পাৰিব। দুটাতকৈ অধিক চিলিণ্ডাৰ নাপাব। বৰ্তমানলৈ চিলিণ্ডাৰ লাভ কৰাৰ মাহিলি অথবা বছৰেকীয়া কোনো কোটা নিৰ্ধাৰণ কৰা হোৱা নাছিল।

মনী কন্ট্র’লৰ খবৰ অনুসৰি, নতুন নিয়ম মতে এতিয়া বছৰত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা ১২টা হ’ব। ইয়াত অধিক চিলিণ্ডাৰ কিনিলে নাপাব ৰাজসাহায্য। বাকী চিলিণ্ডাৰ গ্ৰাহকে ৰাজসাহায্যবিহনীভাৱে কিনিব লাগিব।

ৰিপ’ৰ্ট অনুসৰি, যদি কোনো গ্ৰাহকে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ এবছৰত ১৫টাৰ অধিক লয়, তেন্তে তেওঁ ইয়াৰ বাবে তেল কোম্পানীৰ বিষয়াৰ অনুমতি ল’ব লাগিব। এই কোটা নিৰ্ধাৰণ হ’লে ঘৰুৱা গেছ চিলিণ্ডাৰ ক’লা বজাৰ বন্ধ হ’ব। এতিয়ালৈ বহু গ্ৰাহকে প্ৰয়োজনতকৈ অধিক চিলিণ্ডাৰ লৈ অধিক দামত আনক বিক্ৰী কৰিছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি