কম্পজিট গেছ চিলিণ্ডাৰত ১০ কিলোগ্ৰাম গেছ থাকে। কম্পজিট চিলিণ্ডাৰ কম ওজনৰ হোৱা বাবে ইয়াক অনা–নিয়াৰ ক্ষেত্ৰতো বিশেষ সমস্যা নহয়। যিসকলৰ ঘৰত কম গেছ খৰচ হয়, তেওঁলোকৰ বাবে এই চিলিণ্ডাৰ ভাল বিকল্প হ’ব। কি এই কম্পজিট গেছ চিলিণ্ডাৰ
কম্পজিট গেছ চিলিণ্ডাৰ লোহাৰ চিলিণ্ডাৰৰ তুলনাত ৭ কিলোগ্ৰাম কম ওজনৰ হয়। এতিয়া যি ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ হৈ আছে তাৰ ওজন ১৭ কিলোগ্ৰাম। কম্পজিট চিলিণ্ডাৰ পাতল যদিও মজবুত। ইয়াত তিনিটা লেয়াৰ থাকে। এতিয়া ১০ কিলোগ্ৰামৰ কম্পজিট চিলিণ্ডাৰত ১০ কিলোগ্ৰামে গেছ থাকিব। ইয়াৰ মুঠ ওজন হ’ব ২০ কিলোগ্ৰাম। আনহাতে, সাধাৰণ চিলিণ্ডাৰৰ ওজন ৩০ িকলোগ্ৰামৰো অধিক হয়।