পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম (LPG Cylinder Price Hike)। ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি। দিল্লীত আজিৰে পৰা প্ৰতিটো ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম হ’ব ১১০৩ টকা।
আনহাতে, ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে ৩৫০.৫০ টকাকৈ। দিল্লীত এতিয়াৰে পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ব ২১১৯.৫০ টকা।
আজিৰে পৰা গুৱাহাটীত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’ব ১১৫২ টকা আৰু প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ দাম হ’ব ২৩৬০ টকা। আজিৰে পৰা কাৰ্যকৰী হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এই নতুন নিৰিখ।
চলিত বৰ্ষত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পালে। জানুৱাৰীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছিল ২৫ টকাকৈ। উল্লেখযোগ্য যে প্ৰতি মাহৰ প্ৰথমটো দিনত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম সলনি হয়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 01, 2023, 10:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।