আকৌ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ! ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ২২৫৩ টকাৰ পৰা ২৩৫৫.৫০ টকালৈ বৃদ্ধি কৰা হৈছে। ১ এপ্ৰিলতো কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছিল। তেতিয়া ২৫০ টকা বৃদ্ধি কৰা হৈছিল চিলিণ্ডাৰৰ দাম। আজি দেওবাৰে পুনৰ ১০২.৫০ টকা দাম বৃদ্ধি কৰা হ’ল কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম। অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হোৱা নাই।
IOCৰ মতে, দিল্লীত আজি এটা কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ২৩৫৫.৫০ টকা হৈছেগৈ। ৩০ এপ্ৰিললৈ ২২৫৩ টকা আছিল এই চিলিণ্ডাৰৰ দাম। আনহাতে, কলকাতাত ২৩৫১ টকাৰ পৰা ২৪৫৫ টকা, মুম্বাইত ২২০৫ টকাৰ পৰা ২৩০৭ টকালৈ বৃদ্ধি পাইছে কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম। চেন্নাইত কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ২৪০৬ টকাৰ পৰা বৃদ্ধি কৰি ২৫০৮ টকা কৰা হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 01, 2022, 10:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।