உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • LPG Cylinder Price Hike : ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি, প্ৰতিটো চিলিণ্ডাৰত বাঢ়িল ২৫০ টকা

    LPG Cylinder Price Hike : ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি, প্ৰতিটো চিলিণ্ডাৰত বাঢ়িল ২৫০ টকা

    চৰকাৰী তেল কোম্পানীসমূহে ১ এপ্ৰিলৰ পৰা এলপিজি চিলিণ্ডাৰৰ দাম ২৫০ টকা বৃদ্ধি কৰিছে(LPG Cylinder Price)।

    চৰকাৰী তেল কোম্পানীসমূহে ১ এপ্ৰিলৰ পৰা এলপিজি চিলিণ্ডাৰৰ দাম ২৫০ টকা বৃদ্ধি কৰিছে(LPG Cylinder Price)।

    চৰকাৰী তেল কোম্পানীসমূহে ১ এপ্ৰিলৰ পৰা এলপিজি চিলিণ্ডাৰৰ দাম ২৫০ টকা বৃদ্ধি কৰিছে(LPG Cylinder Price)।

    • Share this:


    পুনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি। চৰকাৰী তেল কোম্পানীসমূহে ১ এপ্ৰিলৰ পৰা এলপিজি চিলিণ্ডাৰৰ দাম ২৫০ টকা বৃদ্ধি কৰিছে(LPG Cylinder Price)। কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে তেল কোম্পানীসমূহে।

    তেল কোম্পানীসমূহে এই দাম বৃদ্ধি বাণিজ্যিক ব্যৱহাৰৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত কৰিছে। ১০ দিন পূৰ্বে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫০ টকা বৃদ্ধি কৰা হৈছিল, তেতিয়া কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছিল।

    নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিতে কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ২৫০ টকা বৃদ্ধি কৰাৰ পিছত দিল্লীত ১৯ কিলগ্ৰামৰ চিলিণ্ডাৰৰ দাম এতিয়া ২২৫৩ টকা হৈছে। ১ মাৰ্চ ২০২২ত কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ২০১২ টকা আছিল, যিটো ২২ মাৰ্চত হ্ৰাস কৰি ২০০৩ টকা কৰা হৈছিল। মুম্বাইত এতিয়া কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ১৯৫৫ টকাৰ ঠাইত ২২০৫ টকা হৈছে।

    দেশৰ আন মহানগৰসমূহতো বৃদ্ধি হৈছে দাম। কলকাতাত ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰ ২৩৫১ টকা হৈছে, যিটো বৃহস্পতিবাৰে আছিল ২১৩৮ টকা। চেন্নাইত কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম ২১৩৮ টকাৰ সলনি ২৪০৬ টকা হৈছে।

    Published by:Sanjay Kumar Das
    First published: