• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • সাধাৰণ জনতাৰ ওপৰত মাধমাৰ! পুনৰ বাঢ়িল LPG Cylinderৰ দাম

সাধাৰণ জনতাৰ ওপৰত মাধমাৰ! পুনৰ বাঢ়িল LPG Cylinderৰ দাম

মাহৰ প্ৰথমটো দিনত চৰকাৰে ১৯ কিলোগ্ৰামৰ ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ৪৩ টকা বৃদ্ধি কৰিছিল।

মাহৰ প্ৰথমটো দিনত চৰকাৰে ১৯ কিলোগ্ৰামৰ ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ৪৩ টকা বৃদ্ধি কৰিছিল।

মাহৰ প্ৰথমটো দিনত চৰকাৰে ১৯ কিলোগ্ৰামৰ ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ৪৩ টকা বৃদ্ধি কৰিছিল।

  • Share this:


পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। চৰকাৰে এলপিজি চিলিণ্ডাৰৰ দাম পুনৰ বৃদ্ধি কৰিছে। তেল কোম্পানীসমূহে ৰাজসাহায্যবিহীন ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ১৫ টকা বৃদ্ধি কৰিছে। এই বৃদ্ধিৰ পিছত এতিয়া দিল্লীত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৮৮৪.৫০ টকাৰ পৰা ৮৯৯.৫০ টকা হৈছে।

উল্লেখযোগ্য যে মাহৰ প্ৰথমটো দিনত চৰকাৰে ১৯ কিলোগ্ৰামৰ ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ৪৩ টকা বৃদ্ধি কৰিছিল। তাৰ পিছত ১ অক্টোবৰৰ পৰা দিল্লীত ১৯ কিলোগ্ৰামৰ ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ১৬৯৩ টকাৰ পৰা বাঢ়ি ১৭.৩৬.৫০ টকা হৈছিল।

কোন চহৰত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কিমান

দিল্লীত ৰাজসাহায্যবিহন ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ৮৯৯.৫০ টকা।

কলকাতাত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৯১১ টকাৰ পৰা বৃদ্ধি হৈ হৈছেগৈ ৯১৬ টকা।

মুম্বাইত ৮৪৪.৫০ টকাৰ পৰা ৮৯৯.৫০ টকা।

চেন্নাইত ৯০০.৫০ টকাৰ পৰা বৃদ্ধি হৈ হৈছেগৈ ৯১৫.৫০ টকা।

১ ছেপ্টেম্বৰৰ পৰা ২৫ টকা বৃদ্ধি চিলিণ্ডাৰৰ দাম

ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে চৰকাৰী তেল কোম্পানীসমূহে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছিল। ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম ১ ছেপ্টেম্বৰত ২৫ টকা বৃদ্ধি কৰিছিল। বিগত মাহত ১৫ দিনত ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম ৫০ টকা বৃদ্ধি পাইছিল।

যোৱা তিনিমাহত মুঠ ৭৫ টকা বাঢ়িছে এলপিজি চিলিণ্ডাৰৰ দাম। জুলাই, আগষ্ট আৰু ছেপ্তেম্বৰ মাহত ২৫টকাকৈ বৃদ্ধি কৰিছিল তৈল কোম্পানীসমূহে।



Published by:Sanjay Kumar Das
First published: