
Source-Google
৬২.৫০ টকাকৈ হ্ৰাস পাইছে প্ৰতিটো ৰাজসাহায্যবিহীন এল পি জি চিলিণ্ডাৰৰ দামত
ভাল খবৰ, হ্ৰাস পালে এল পি জি চিলিণ্ডাৰৰ দাম। দৰাচলতে, ৬২.৫০ টকাকৈ হ্ৰাস পাইছে প্ৰতিটো ৰাজসাহায্যবিহীন এল পি জি চিলিণ্ডাৰৰ দামত। আন্তঃৰাষ্ট্ৰীয় বজাৰত এল পি জি চিলিণ্ডাৰৰ দাম হ্ৰাস পোৱাৰ বাবেই ভাৰতীয় বজাৰতো হ্ৰাস পাইছে এল পি জি চিলিণ্ডাৰৰ দাম । ইণ্ডিয়া অইল কৰ্পৰেশ্যনেৰ তথ্য অনুসৰি- ৰাজসাহায্যবিহীন প্ৰতিটো এল পি জি চিলিণ্ডাৰৰ দাম এতিয়াৰ পৰা হ’ব ৫৭৪.৫০ টকা। বৃহস্পতিবাৰৰ পৰা গ্ৰাহকসকলে এই নতুন দামত লাভ কৰিব ৰাজসাহায্যবিহীন চিলিণ্ডাৰ। ইয়াৰ পূৰ্বেও জুলাইৰ মাহত ৰাজসাহায্যবিহীন প্ৰতিটো চিলিণ্ডাৰৰ দাম ১০০.৫০ টকা হ্ৰাস পাইছিল।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|